GMC to interact directly with citizens: এতিয়াৰে পৰা নাগৰিকৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পৌৰ নিগমৰ মেয়ৰে - GMC ৰ নতুন পদক্ষেপ
গুৱাহাটী, ৫ জুন :গুৱাহাটী পৌৰ নিগমে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । এতিয়াৰে পৰা নাগৰিকৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পৌৰ নিগমৰ মেয়ৰে । প্ৰতি সপ্তাহত সোম, বুধ আৰু শুকুৰবাৰে পুৱা ৯.৩০ বজাৰ পৰা ১০.৩০ বজালৈ ৰাইজৰ অভাৱ-অভিযোগ শুনিব মেয়ৰ মৃগেন শৰণীয়াই । ৮৮১১০০৭০০০ নম্বৰত ফোনৰ জৰিয়তে আপোনাৰ ও অভাৱ অভিযোগ থাকিলে দিব পাৰিব মেয়ৰ মৃগেন শৰণীয়াক (GMC new step) ।
পৰ্যায় ক্ৰমে ৰাইজৰ অভাৱ অভিযোগ দূৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব GMC য়ে । সোমবাৰে গুৱাহাটী পৌৰ নিগমৰ এই নতুন পদক্ষেপ 'প্রয়াস'ৰ শুভ আৰম্ভণি অনুষ্ঠান বি বৰুৱা ৰোডৰ GMC ৰ কাৰ্যালয়ত কৰা হয় । আৰম্ভণি অনুষ্ঠানৰ পাচতে GMC ৰ মেয়ৰলৈ আহিল ইটোৰ পাছত সিটোকৈ অভিযোগৰ ফোন । মহানগৰবাসীৰ জাৱৰ নিষ্কাশন, পানীৰ পাইপ লিক, ড্ৰেনৰ সমস্যা আদিৰ বিষয়ে অভিযোগ দিছে মহানগৰবাসীয়ে (GMC to interact directly with citizens ) ।
আনহাতে গুৱাহাটীবাসীৰ বাবে এই হেল্পলাইন মুকলি কৰি মেয়ৰ মৃগেন শৰণীয়াই পৌৰনিগমৰ কাম নকৰা কৰ্মচাৰীলৈ কঠোৰ সকিয়নী দি কয় তেওঁলোকে কাম কৰিবই লাগিব অন্যথা তেওঁলোকৰ দৰমহা কৰ্তন কৰা হ’ব ।
লগতে পঢ়ক :Kuki militant camp burnt : মণিপুৰত ৰাইজে জ্বলালে কুকি সংগঠনৰ শিবিৰ