Barpeta Guru Pujan program: বৰপেটাৰ গুৰুপূজন অনুষ্ঠানত ১২ গৰাকী গুৰুক পূজন - প্ৰজ্ঞা ফাউণ্ডেচনৰ বৰপেটা জিলাৰ উদ্যোগ
Published : Sep 18, 2023, 9:07 AM IST
বৰপেটা, 18 ছেপ্টেম্বৰ :ভাৰতীয় সভ্যতা সংস্কৃতিত গুৰু শিষ্যৰ পৰম্পৰাক অতিকে গুৰুত্ব প্ৰদান কৰা হয় ৷ যুগ যুগ ধৰি সকলো সম্পৰ্কৰ ভিতৰত গুৰু শিষ্যৰ সম্পৰ্কক সন্মান আৰু আদৰ্শৰ সম্পৰ্ক হিচাপে গ্ৰহণ কৰা হয় ৷ ভাৰতীয় সভ্যতা সংস্কৃতিৰে যুক্ত গুৰু শিষ্যৰ সম্পৰ্কৰ ভেঁটি আৰু অধিক মধুৰ আৰু শক্তিশালী কৰি তোলাৰ বাবে দেওবাৰে প্ৰজ্ঞা ফাউণ্ডেছনৰ উদ্যোগত বৰপেটাত গুৰু পূজন অনুষ্ঠানৰ আয়োজন কৰে ৷
বৰপেটাৰ তৰুণৰাম ফুনক প্ৰেক্ষাগৃহত জ্ঞানৰ পোহৰ বিলোৱা গুৰুসকলক সন্মান আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে ‘‘প্ৰজ্ঞা ফাউণ্ডেচনৰ বৰপেটা জিলাৰ উদ্যোগ’’ত অনুষ্ঠিত গুৰু পূজন অনুষ্ঠানত বিভিন্ন বৃত্তিৰ সৈতে জড়িত জিলাখনৰ ১২ গৰাকী গুৰুক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ পৰম্পৰা অনুসৰি গুৰুসকলক পদ প্ৰক্ষালনৰ পিচত মঞ্চলৈ আদৰণি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয় ৷