Economically independent through farming:কিয় চৰ্চালৈ আহিছে কৃষক গুণকান্ত বৰা ? - কৃষিৰ দ্বাৰা স্বাৱলম্বিতা
Published : Oct 9, 2023, 11:58 AM IST
সৰুপথাৰ, ৯ অক্টোবৰ : ধনশিৰি মহকুমাৰ এজন কৃষকে দেখুৱাইছে কৃষি কৰ্মৰ সফল নিদৰ্শন । কৰ্ম সংস্থাপনৰ বাবে বহিঃৰাজ্য তথা চেন্নাইলৈ এসময়ত ঢাপলি মেলিছিল কৃষকজনে । 15/20 হেজাৰ টকাত চেন্নাইত দিনটো পৰিশ্ৰম কৰি পৰিয়াল পোহপাল দিয়াত অসুবিধাৰ সন্মুখীন হৈছিল তেওঁ । গোলাঘাট জিলাৰ চুঙাজান অঞ্চলৰ মাজগাঁও পঞ্চায়তৰ অন্তৰ্গত শলগুৰিৰ এই কৃষকজনৰ নাম গুণকান্ত বৰা । কাম বিচাৰি চেন্নাইৰ পৰা ৰাজস্থানো পাইছিল গৈ তেওঁ ৷
বৰ্তমান কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ বাছি লৈছে এই ব্যক্তিজনে ৷ আত্মনিৰ্ভৰশীলতাৰ লগতে বহু জনক বৰ্তমান নিয়োজিত কৰিও ৰাখিছে এই কৃষি কৰ্মত । লাও, বেঙেনা, ভোলকে ধৰি বিভিন্ন ধৰণৰ পাচলিৰ উৎপাদন কৰি ব্যক্তিজনৰ প্ৰতি দিনে আয় ৩০০০ টকাৰ পৰা ৫০০০ টকা পৰ্যন্ত । এই ব্যক্তিজন এতিয়া হৈ পৰিছে বহুজনৰ বাবে আদৰ্শ । কৃষি বিপ্লৱৰ দ্বাৰা স্বাৱলম্বী হৈ নিজভূমিতে যে সফল হ’ব পাৰি তাকে প্ৰমাণ কৰি দেখুৱাইছে এই ব্যক্তিজনে ।
লগতে পঢ়ক :Self Reliance through Farming:খেতিৰে অৰ্থনৈতিক স্বাৱলম্বিতাৰ পথ মুকলি তিনিগৰাকী মহিলাৰ