বাক্সাৰ অহোপাত গণ সুৰক্ষা পাৰ্টিৰ যোগদান সভা
Published : Jan 12, 2024, 8:34 PM IST
বাক্সা, ১২ জানুৱাৰী:বাক্সা জিলাৰ অহোপাত আজি কেইবাটাও দলৰ পৰা ন গৰাকী সমৰ্থকে আনুষ্ঠানিকভাৱে যোগদান কৰে গণ সুৰক্ষা পাৰ্টিত । শাসকীয় বিজেপি দলকে ধৰি আন দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে গণ সুৰক্ষা পাৰ্টিত যোগদান কৰা বুলি উল্লেখ কৰে দলটোৰ উপ- সভাপতি তথা কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে । এই উপলক্ষে আয়োজিত এক যোগদান সভাত যোগদানকাৰী সকলে গণ সুৰক্ষা পাৰ্টিৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ যোগদানৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি কয় ।
মূলত:লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এইদৰে গণ সুৰক্ষা পাৰ্টিত যোগদান কৰা কাৰ্যই স্বাভাবিকতে উৎফুল্লিত কৰি তুলিছে দলটোৰ উপ সভাপতি তথা কাৰ্যবাহী সদস্য ঘনশ্যাম দাসক । আজিৰ এই যোগদান কাৰ্যসূচীত টিচিএলচিচিৰ অধ্যক্ষ শৈলেন গোস্বামী, দিহিৰা সমষ্টিৰ ভিচিডিচিৰ অধ্যক্ষ ৰমেন দাস, ভোগপাৰা ভিচিডিচিৰ অধ্যক্ষ ধীৰেণ ৰাভা, বাংনাবৰী ভিচিডিচিৰ অধ্যক্ষ চিন্তু ডেকা আদি উপস্থিত থাকে ।
লগতে পঢ়ক:ভাৰত জোড়ো ন্যায় যাত্ৰা : অনুমতিৰ বাবে প্ৰদেশ কংগ্ৰেছক সাক্ষাৎ নিদিলে মুখ্য সচিবে