অসম

assam

দেৰগাঁৱৰ বালিজানত হোৱা শোকবহ পথ দুৰ্ঘটনাৰ তদন্ত কৰা হ’ব

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 12:53 PM IST

ETV Bharat / videos

দেৰগাঁৱৰ বালিজানত হোৱা শোকবহ পথ দুৰ্ঘটনাৰ তদন্ত কৰা হ’ব : গোলাঘাট জিলা আয়ুক্ত

যোৰহাট, 3 জানুৱাৰী : বুধবাৰে পুৱা দেৰগাঁৱৰ বালিজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাই ৰাজ্যজুৰি জোঁকাৰণি তুলিছে ৷ দুৰ্ঘটনাটোত বৰ্তমানলৈকে 12 জনকৈ লোক নিহত হোৱা বুলি উল্লেখ কৰিছে গোলাঘাট জিলা আয়ুক্ত পি উদয় প্ৰবীণে ৷

আনহাতে, দুৰ্ঘটনাত 31 জনকৈ লোক আহত হৈছে ৷ আহত লোকসকলৰ চিকিৎসা বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চলি আছে ৷ ইফালে, দুৰ্ঘটনাত আহতসকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ জে এম চি এইচত উপস্থিত হৈ দুৰ্ঘটনাৰ সন্দৰ্ভত তদন্ত কৰা হ’ব বুলি ঘোষণা কৰে গোলাঘাট জিলা আয়ুক্ত পি উদয় প্ৰবীণে ৷

ইফালে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হৈছে পিতৃ আৰু কন্যাৰ ৷ মৃত পিতৃ কন্যা হৈছে নিত্যানন্দ বৰা (40) আৰু প্ৰিঞ্চিপ্ৰিয়া বৰা (7) ৷ দুৰ্ঘটনাত নিহতসকল ক্ৰমে অনিমা শইকীয়া (60), শুভাংকৰ শইকীয়া (13), নিহাৰিকা বৰা (10), দিপালী শইকীয়া (37), নৱজিত শইকীয়া (40), পিংকী শইকীয়া, প্ৰিঞ্চিপ্ৰিয়া বৰা(7), নিতানন্দ বৰা(40), মৃদুল বৰা(45), নৃত্যানন্দ বৰা(45) আৰু ট্ৰাক চালক নুৰ আলম হক ৷

ঘটনাৰ সন্দৰ্ভত গোলাঘাট জিলা আয়ুক্তই কয়, ‘‘ পুৱা 4.45 মিনিটত কমাৰবন্ধাৰ পৰা তিনিচুকীয়াৰ দিশে গৈ আছিল বাছখন ৷ 49 জন যাত্ৰী আছিল বাছখনত  ৷ তাৰে 12 জন নিহত হোৱাৰ লগতে 7 জন সামান্যভাৱে আহত হৈছে ৷ তেওঁলোকক দেৰগাঁও চিকিৎসালয়ত চিকিৎসা চলি আছে ৷ তেওঁলোক বিপদ মুক্ত ৷ যোৰহাত চিকিৎসা মহাবিদ্যালয়ত 33 জনকৈ লোকক ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়তে ইতিমধ্যে দুজন নিহত হৈছে ৷ জীৱিত আছে 31 জন ৷ তাৰে 2 জনৰ অৱস্থা অতি সংকটজনক ৷’’ 

লগতে পঢ়ক :বনভোজ খাবলৈ যোৱা যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত, শিশুসহ 12জনৰ মৃত্যু

ABOUT THE AUTHOR

...view details