অসম

assam

সামাজিক মাধ্যমত ভাইৰেল প্ৰেমিকাৰ আপত্তিজনক ফটো

ETV Bharat / videos

Suicide in Guwahati: প্ৰেমিকৰ ব্লেকমেইলৰ বলি হৈ প্ৰেমিকাৰ আত্মহত্যা

By

Published : Jul 4, 2023, 7:54 PM IST

গুৱাহাটী , ৪ জুলাই:প্ৰেমে মাতিলেই কাল ৷ প্ৰেম কৰোঁতে সাৱধান হওক ৷ এইবাৰ মহানগৰীৰ গান্ধীমণ্ডপত এগৰাকী যুৱতীৰ আত্মহত্যা ৷ ১৯ বছৰীয়া যুৱতীগৰাকীয়ে প্ৰেমিকৰ ব্লেকমেইলৰ বলি হৈ মানসিকভাৱে ভাগি পৰি আত্মহত্যাৰ দৰে চৰম পন্থা বাচি ল’বলগীয়া হয়। গুৱাহাটীৰ গান্ধীমণ্ডপৰ সমীপত সোমবাৰে সংঘটিত হৈছে এই ঘটনা। 

প্ৰেমিক অমিত মেধিয়ে যুৱতীগৰাকীৰ আপত্তিজনক ফটো চছিয়েল মেডিয়াত ভাইৰেল কৰাৰ পিচত যুৱতীগৰাকীয়ে মানসিকভাৱে ভাগি পৰিছিল ৷ যুৱতীগৰাকীয়ে ছুইচাইড নোটত লিখি থৈ যায় সমগ্ৰ ঘটনা । ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত যুৱক অমিত মেধিক ।

যুৱকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰা মোবাইলত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ আপত্তিজনক ফটো আৰু ভিডিঅ’ । এই ঘটনাৰ পিচতে ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালে ন্যায় বিচাৰিছে ৷

লগতে পঢ়ক:জঘন্য! মুকবধিৰ মাতৃ আৰু কন্যাক ধৰ্ষণ কৰি যৌনাংগত ঢালিলে জলকীয়াৰ গুড়ি

ABOUT THE AUTHOR

...view details