অসম

assam

জুনৰ প্ৰথম সপ্তাহৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিকৰ পাঠদান

ETV Bharat / videos

Govt free textbook distribution: উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীৰ বাবে 7 খন জিলালৈ প্ৰেৰণ প্ৰায় 2 লাখ পাঠ্যপুথি

By

Published : May 10, 2023, 10:27 PM IST

গুৱাহাটী, 10 মে’: চলিত বৰ্ষৰ জুনৰ প্ৰথম সপ্তাহৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিকৰ পাঠদান ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত বুধবাৰে মহানগৰীৰ নাৰেংগীৰ, বোন্দাস্থিত ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ কেন্দ্ৰীয় ভঁৰালৰ পৰা শুভাৰম্ভ কৰা হয় পাঠ্যপুথি বিতৰণৰ প্ৰথমটো কাৰ্যসূচী (Free Textbooks Distribution) ৷  

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন নিগমৰ উপাধ্যক্ষ তুলসী বৰঠাকুৰে অসম চৰকাৰৰ 2023-24 শিক্ষা বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ ফ্লেগ অফ কৰে (Assam Govt free textbook distribution) ৷ প্ৰথম পৰ্যায়ত ধেমাজি, কোকৰাঝাৰ, লক্ষীমপুৰ, বাক্সা, মৰিগাঁও, বঙাইগাঁও আৰু বৰপেটা এই 7 খন জিলাক সামৰি কেইবাখনো ট্ৰাকৰ জৰিয়তে 1,92,000 খন পাঠ্যপুথি বিতৰণ কৰা হয় (Assam State textbook production and publication corporation) ৷

পৰৱৰ্তী পৰ্যায়ত আগন্তুক বিশ দিনৰ ভিতৰতে আন জিলা সমূহলৈ 11,50,831 খন পাঠ্যপুথি বিতৰণ কৰা হ’ব জানিব পৰা গৈছে ৷ আজিৰ এই কাৰ্যসূচীত ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ পৰিচলন সঞ্চালক এন এন চৌধাৰী, বাণিজ্যিক প্ৰবন্ধক আৰ চি শৰ্মা উপস্থিত থাকে (Govt free textbook distribution) ৷

লগতে পঢ়ক:Bioremediation Process of Silsako Beel: শিলসাঁকো বিলৰ পানীৰ জৈৱ পৰিশোধন প্ৰক্ৰিয়াৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ

ABOUT THE AUTHOR

...view details