Biman Roy Case: ঘগ্ৰাপাৰ কাণ্ড; 14 দিনৰ ন্যায়িক জিম্মালৈ অভিযুক্ত বিমান ৰয় - Ghograpar OC Biman Roy Produced Before Court Today
নলবাৰী, 10 জুলাই:চাৰিদিনৰ আৰক্ষীৰ জিম্মাৰ অন্তত সোমবাৰে পুনৰ বিতৰ্কিত আৰক্ষী বিষয়া বিমান ৰয়ক হাজিৰ কৰোৱা হয় অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত ৷ চাৰিদিনৰ আৰক্ষীৰ জিম্মাৰ আজি ম্যাদ উকলাত পুনৰ আদালতত হাজিৰ কৰোৱা হয় বিমান ৰয়ক ৷
আদালতত হাজিৰ কৰাৰ পূৰ্বে নিলম্বিত আৰক্ষী বিষয়াগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়া হয় নলবাৰী চিভিল হাস্পতাললৈ ৷ স্বাস্থ্য পৰীক্ষা কৰোৱাই পোনে পোনে লৈ অহা হয় নলবাৰী জিলা সত্ৰ ন্যায়াধীশৰ আদালতলৈ ৷ আদালতলৈ অনাৰ সময়ত কোনো ধৰণৰ মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে বিতৰ্কিত বিমান ৰয় ৷ আনহাতে বিমান ৰয়ক স্বাস্থ্য পৰীক্ষাৰ বাবে অনাৰ সময়ত একাংশ স্থানীয় লোকে বিমান ৰয়ৰ উচিত শাস্তি বিচাৰে ৷
শেহতীয়াকৈ প্ৰাপ্ত বাতৰি অনুসৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ’ল ঘগ্ৰাপাৰ কাণ্ডৰ অভিযুক্ত বিমান ৰয়ক ৷ 4 দিনৰ আৰক্ষী জিন্মাৰ ম্যাদ উকলাৰ পিছত সোমবাৰে অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল বিমান ৰয়ক ৷ নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামাৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰাৰ পিছতেই আদালতত হাজিৰ কৰা হয় বিমান ৰয়ক ৷ আদালতে 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ঘগ্ৰাপাৰ কাণ্ডৰ অভিয়ুক্ত বিমান ৰয়ক ৷
21 জুনত ঘগ্ৰাপাৰ থানাৰ ভিতৰত নিশা কিশোৰীক নিৰ্যাতনৰ ঘটনাত অভিযুক্ত বিমান ৰয় ৷ সোমবাৰে আদালতত বিমান ৰয়ৰ হৈ যুক্তি প্ৰদশৰ্ন কৰে জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰে ৷ ইফালে বিমান ৰয়ৰ অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰি জামিন আবেদন দাখিল কৰে যদিও ন্যায়ালয়ে জামিন নাকচ কৰে বিমান ৰয়ৰ ৷
লগতে পঢ়ক:Public Protest at Lahowal: আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৰূপ কুমাৰ দত্ত চিকিৎসাধীন