অসম

assam

বিদেশী চিগাৰেটৰ ক'লা বজাৰ অব্যাহত

By

Published : Mar 26, 2023, 10:42 AM IST

ETV Bharat / videos

Crime in Guwahati: মহানগৰীত জব্দ প্ৰায় 50 লাখ টকাৰ নিষিদ্ধ চিগাৰেট

গুৱাহাটী, 26 মাৰ্চ: ৰাজ্যত ম্যানমাৰৰ পৰা অহা চিগাৰেটৰ এক বৃহৎ ক'লা বজাৰ অব্যাহত আছে (Smuggling of foreign Cigarettes) । ৰাজ্য়ৰ আন ঠাইৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত চলি আছে ম্যানমাৰৰ চিগাৰেটৰ চোৰাং বেহা । শনিবাৰে হাতীগাঁও আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে ৫০ লাখ টকাৰ এই নিষিদ্ধ চিগাৰেট (Foreign Cigarettes seized in Hatigaon)। AS 01 NC 5709 নম্বৰৰ বাহনেৰে সৰবৰাহ হৈছিল এই নিষিদ্ধ চিগাৰেটসমূহ ।  

হাতীগাঁৱৰ খানকা অঞ্চলত এটা ভাৰাঘৰত গুদাম বনাই মজুত কৰিবলৈ অনাৰ সময়তেই হাতীগাঁও আৰক্ষীয়ে জব্দ কৰে এই চিগাৰেটসমূহ । গৌতম দাস নামৰ এজন ব্যৱসায়ীয়ে চলাই আছিল অবৈধ চিগাৰেটৰ ক'লা বজাৰখন । ইয়াৰ পিচতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত গৌতম দাস নামৰ অসাধু ব্যৱসায়ীটোক । 

উল্লেখ্য যে কিছুদিন পূৰ্বেও হাতীগাঁৱৰ খানকা অঞ্চলৰ পৰা আৰক্ষীয়ে অভিযান চলাই ড্ৰামে ড্ৰামে অবৈধ কেৰাচিন তেল জব্দ কৰিছিল । ইয়াৰ লগতে এই অঞ্চলটোত সময়ে সময়ে  হাতীগাঁও আৰক্ষীয়ে অভিযান চলাই তীৰ, ড্ৰাগছ, গাঞ্জা সৰবৰাহৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰি আহিছে ।

লগতে পঢ়ক:Jal Jeevan Mission; ২০২৪ চনৰ ৩১ মাৰ্চৰ আগত জল জীৱন মিছনৰ কাম সম্পন্ন কৰিব নোৱাৰা ঠিকাদাৰ ব্লেকলিষ্টেড হ’ব : মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details