অসম

assam

কলিয়াবৰত আৰম্ভ 19 বছৰ অনুৰ্ধৰ ফুটবল টুৰ্নামেণ্ট

By

Published : Jul 18, 2023, 10:12 PM IST

ETV Bharat / videos

Football Tournament at Kaliabor:কলিয়াবৰত আৰম্ভ 19 বছৰ অনুৰ্ধৰ ফুটবল টুৰ্নামেণ্ট

কলিয়াবৰ,18 জুলাই: মঙলবাৰৰ পৰা কলিয়াবৰ চাহ বাগিচা খেল পথাৰত আৰম্ভ হৈছে 19 বছৰ অনুৰ্ধৰ মুখ‍্যমন্ত্ৰী চাহ জনগোষ্ঠী আৰু আদিবাসী ফুটবল টুৰ্নামেণ্ট । চাহ বাগিচাসমূহৰ মাজত সুপ্ত হৈ থকা ক্ৰীড়া প্ৰতিভাসমূহৰ উত্তৰণৰ বাবে ২০১৭-২০১৮ত তেতিয়াৰ মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিশেষ উদ‍্যোগত চাহ বাগিচাসমূহৰ মাজত এই প্ৰতিযোগিতা আৰম্ভ হৈছিল । 

বিধানসভা সমষ্টিসমূহৰ চাহ বাগিচাৰ মাজত অনুষ্ঠিত ফুটবল প্ৰতিযোগীতাৰ শ্ৰেষ্ঠ দলসমূহৰ মাজৰ পৰা মূল প্ৰতিযোগিতালৈ দল বাচনি কৰা হয়। সেই উদ্দেশ‍্যে মঙলবাৰৰ পৰা কলিয়াবৰ বিধানসভা সমষ্টিৰ দহটা দলৰ মাজত এই প্ৰতিযোগিতা আৰম্ভ হৈছে। কলিয়াবৰ বিধানসভা সমষ্টিৰ শালনা, চিকনী, তপাহোলা, শাগমুটীয়া, বুঢ়াপাহাৰ, জগদম্বা, ডিজুভেলী, সোণাৰি কেলিডেন আৰু কলিয়াবৰ চাহ বাগিচাৰ মুঠ দহটি দলে যোগদান কৰে এই ফুটবল প্ৰতিযোগিতাত ৷

আজি সোণাৰি চাহ বাগিচাৰ খেল পথাৰত অনুষ্ঠিত হোৱা টুৰ্নামেণ্টখন আনুষ্ঠানিকভাৱে উদ্বোধন ক্ৰীড়া সংগঠক মণিমাধৱ মহন্তই। উদ্বোধনী অনুষ্ঠানত কলিয়াবৰ মহকুমাৰ কাৰ্য‍্যবাহী দণ্ডাধীশ তৰংগজিৎ গগৈ, কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

লগত পঢ়ক:Kaliabor News :কলিয়াবৰৰ ‘বাঘ ভেটা পৰ্ব’ত ব‍্যৱহাৰ কৰা জাল সংৰক্ষণ

ABOUT THE AUTHOR

...view details