অসম

assam

খানদঙৰ বান্ধ খুলি দিয়াত বৃদ্ধি পাইছে কপিলীৰ জলস্তৰ

By

Published : Jun 17, 2023, 10:23 AM IST

ETV Bharat / videos

Flood at Kampur : কপিলীৰ বাঢ়নী পানীয়ে ছিগিলে প্ৰেমজান মথাউৰি

বঢ়মপুৰ, 17 জুন :আহিল বছৰৰ প্ৰথমটো বান ৷ বছৰৰ প্ৰথমটো বানে বোৱাই নিছে ৰাজ্যৰ ভিন্ন প্ৰান্ত ৷ বছৰৰ প্ৰথমটো বানে কামপুৰত ছিগিল কপিলীৰ প্ৰেমজান মথাউৰি ৷ ফলত বুৰ গৈছে কামপুৰৰ বিভিন্ন অঞ্চল ৷ হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে এতিয়া কামপুৰবাসীৰ মাজত ৷

তথ্য অনুসৰি, খুলি দিয়া হৈছে খানদঙৰ বান্ধ ৷ খানদঙৰ বান্ধ খুলি দিয়াত বৃদ্ধি পাইছে কপিলীৰ জলস্তৰ ৷ কপিলীৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত শনিবাৰে পুৱাই ছিগি যায় কামপুৰ গোসাঁইগাঁও প্ৰেমজান মথাউৰিটো ৷ যিকোনো মুহূৰ্ততে বাঢ়নী পানীয়ে কামপুৰ ৰাজহ চক্ৰৰ কেইবাখনো গাঁও প্লাবিত কৰাৰ শংকা প্ৰকট হৈ পৰিছে ৷

উল্লেখ্য যে, বিগত বৰ্ষত দুটাকৈ প্ৰলয়ংকাৰী বানে গোঁসাইগাঁৱৰ প্ৰেমজান মথাউৰি ছিঙি নিছিল ৷ তাৰ পাচত এই মথাউৰিটো মেৰামতি নামত বিভাগীয় কৰ্তৃপক্ষই অলপ মাটি পেলায়ে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ যাৰবাবে এতিয়া পুনৰ বানৰ কৱলত পৰাৰ শংকাত শংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজে ।

লগতে পঢ়ক :Flood in Lakhimpur: লখিমপুৰত বাঢ়িয়েই আছে নদীৰ জলপৃষ্ঠ, অপৰিৱৰ্তিত বান পৰিস্থিতি

ABOUT THE AUTHOR

...view details