অসম

assam

নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্প

ETV Bharat / videos

Lower Subansiri Hydroelectric Project : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ংকৰ পৰিস্থিতি - Flood in Lower Subansiri Hydroelectric Project

By

Published : Jun 14, 2023, 6:26 PM IST

ধেমাজি, 14 জুন: বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পত পুনৰ সংঘটিত হৈছে অঘটন ৷ বিশেষকৈ বাৰিষাৰ সময়ত এই প্ৰকল্পস্থলীত প্ৰায়ে এটাৰ পিছত আনটো দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ এইবেলিও বাৰিষাৰ বৰষুণ আৰম্ভ হোৱাৰ লগে লগে বৃদ্ধি পাইছে সোৱণশিৰি নদীৰ জলপৃষ্ঠ ৷

ফলস্বৰূপে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কামত পুনৰ বাধা আহি পৰা পৰিলক্ষিত হৈছে ৷ জানিব পৰা মতে মুষলধাৰ বৰষুণৰ ফলত প্ৰকল্প নিৰ্মাণস্থলীলৈ অহা-যোৱা কৰা ৰাস্তা ছিন্ন-বিছিন্ন হয় ৷ তদুপৰি পাৱাৰ হাউচত সোমাইছে পানী ৷ যাৰ ফলত প্ৰকল্পস্থলীত পুনৰ এক আহুকলীয়া পৰিৱেশৰ সৃষ্টি হৈছে ৷  

ইফালে এই বান্ধটোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিৰ সম্পাদক ৰুদ্ৰ ভূঞাই ৷ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত অতি শীঘ্ৰেই এই বান্ধ চিৰদিনৰ বাবে বন্ধ কৰাৰ দাবী জনাইছে নেতাজনে ৷ 

লগতে পঢ়ক:Raijor Dal Press Meet: ডিপিআৰ প্ৰস্তুত নকৰাকৈ আৰম্ভ হৈছিল জু-ৰোডৰ উৰণীয়া সেতু নিৰ্মাণ, চিবিআই তদন্তৰ দাবী ৰাইজৰ দলৰ

For All Latest Updates

TAGGED:

NHPC Project

ABOUT THE AUTHOR

...view details