অসম

assam

ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ৰ চৌহদৰ আৱাসত বিধ্বংসী অগ্নিকাণ্ড

ETV Bharat / videos

Fire breakout: ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ৰ চৌহদৰ আৱাসত বিধ্বংসী অগ্নিকাণ্ড

By

Published : Feb 21, 2023, 10:04 PM IST

ডিব্ৰুগড়, 21 ফেব্ৰুৱাৰী:ডিব্ৰুগড়ত মঙলবাৰে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে । চহৰখনৰ চৌকিডিঙীস্থিত উপায়ুক্ত কাৰ্যালয়ৰ চৌহদৰ আৱাসত সংঘটিত হয় এই অগ্নিকাণ্ড (Fire breakout in Dibrugarh)। উপায়ুক্ত বিশ্বজিত পেগুৰ(DC Biswajit Pegu) বাসভৱনৰ ৰান্ধনী দিনেশ কুমাৰৰ আৱাসত সংঘটিত হোৱা এই অগ্নিকাণ্ডত প্ৰায় ১২ লাখ টকাৰ সা-সম্পত্তি ক্ষতিগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে ৷

পূজা ঘৰৰ চাকিৰ পৰা অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে । দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত কম্পমান হয় সমগ্ৰ অঞ্চল । এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত অগ্নিনিৰ্বাপন বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । এই অগ্নিকাণ্ডৰ ঘটনাক লৈ চহৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

ইফালে যোৱা 17 ফেব্ৰুৱাৰী বৃহস্পতিবাৰে যোৰহাটৰ ঐতিহাসিক চ'ক বজাৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত (Historic Jorhat Chowk Bazaar fire) নিমিষতে চূৰ্ণ বিচূৰ্ণ হৈ গ'ল প্ৰায় ৩০০০ পৰিয়ালৰ সপোন । বৃহস্পতিবাৰৰ নিশাৰ পৰা সূত্ৰপাত হোৱাৰ এই অগ্নিকাণ্ডই প্ৰায় তিনিদিন ধৰি অগ্নিৰ সূত্ৰপাত কৰিছিল (Fire at Jorhat chowk bazaar)।

উল্লেখ্য যে, ১৯৫১ চনতে স্থাপন হৈছিল ঐতিহাসিক চ'ক বজাৰ (Jorhat chowk bazaar destroyed)। এই অগ্নিকাণ্ডত প্ৰায় 351 খন ব্যৱসায়িক প্ৰতিষ্ঠান জ্বলি ছাৰখাৰ হৈ যায় (351 shops damaged due to fire)। নিশা প্ৰায় ৯.৩০ বজাতে জুইৰ সূত্ৰপাত হৈছিল বজাৰখনত । 

কিন্তু এই জুই ইমানেই ভয়াৱহ আছিল যে তিনিদিন ধৰি টোপনি কাঢ়িছিল স্থানীয় লোকৰ ৷ একাংশৰ মতে শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হৈছিল (Massive fire at Jorhat)। আন একাংশৰ মতে দুষ্কৃতিকাৰীয়ে বজাৰত অগ্নি সংযোগ কৰিছে । এই ভয়াৱহ অগ্নিকাণ্ডৰ ফলত কেইবাকোটি টকাৰ সা-সম্পত্তি জুইত ভস্মীভূত হয় ।  

অগ্নিকাণ্ডৰ সময়ত বজাৰৰ ভিতৰত উচ্চ প্ৰাবল্যৰ আতচবাজীৰ শব্দও শুনিবলৈ পোৱা গৈছিল । জনবহুল আৰু অতি ঠেক বজাৰখনত কিয় আতচবাজীবোৰ মজুত কৰা হৈছিল তাক লৈও ৰহস্যৰ সৃষ্টি হৈছিল । 

লগতে পঢ়ক:Jorhat Chowk Bazaar fire : ঐতিহাসিক চ'ক বজাৰ আৰু নাই..!

ABOUT THE AUTHOR

...view details