অসম

assam

শাওণৰ পথাৰত সীমাহীন ব্যস্ততা

By

Published : Aug 1, 2023, 8:54 PM IST

ETV Bharat / videos

Agrilcultural Season: শাওণৰ পথাৰত কৃষকৰ সীমাহীন ব্যস্ততা

জোনাই,১ আগষ্ট: অসম এখন কৃষি প্ৰধান ৰাজ্য । অধিকাংশ গ্ৰাম্য অঞ্চলৰ ৰাইজ খেতিৰ ওপৰত নিৰ্ভৰশীল । শাওণমহীয়া বোকা মাটিত কেঁচা মাটিৰ সুগন্ধ লৈ পথাৰত এতিয়া ব্যস্ত হৈ পৰিছে হালোৱা তথা ৰোৱনীসকল । কোনোৱে যদি কঠিয়া তুলিছে, কোনোৱে দাঙিছে কঠিয়াৰ ভাৰ, কোনোৱে আকৌ আলি দিয়াৰ লগতে জাক জাক ৰোৱনীয়ে ৰুইছে ভূঁই ।  

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ডেকাপাম আমলখি পাইত গাঁৱতো শাওণমহীয়া পথাৰৰ এক পৰম্পৰাগত মনোৰম দৃশ্য দেখা গৈছে । মিচিং জনগোষ্ঠীৰ অতীজৰে পৰা চলি অহা পৰম্পৰা ৰক্ষা কৰি এতিয়া এনেদৰে ৰিকব' অৰ্থাৎ হাৰিয়া‌ প্ৰথা অক্ষুন্ন ৰাখিছে জোনাইৰ বিভিন্ন‌ প্ৰান্তৰ খেতিয়ক ৰাইজে । শাওণৰ পথাৰত পুৱা বোকা পানীৰ মাজত সকলো ৰাইজে মিলি পঃৰ আপং খোৱাৰ মাদকতাই যেন সুকীয়া । 

চিপচিপীয়া বৰষুণত তিতি শাওণৰ পথাৰত সমূহীয়াভাৱে কৃষি-কৰ্মত নমা এই সকল গঞা ৰাইজৰ মাজত নাই কোনো কৃত্তিমতা । যিটো সময়ত আধুনিকতাৰ পৰশ পৰি আমাৰ গ্ৰাম্য সমাজৰ পৰা কিছুমান সমুহীয়া প্ৰথা নাইকিয়া হ'বলৈ ধৰিছে সেই সময়তে ডেকাপাম আমলখি পথাৰত এই সকল লোকে পৰম্পৰা ৰক্ষা কৰি এইদৰে কৃষি কৰ্ম কৰা ব্যৱস্থাটো অত্যন্তই ইতিবাচক হিচাপে চিহ্নিত হৈছে । 

লগতে পঢ়ক:Illegal Wood Seized:লখিমপুৰত প্ৰায় চাৰিলাখ টকাৰ চোৰাং শিমলু কাঠ জব্দ

ABOUT THE AUTHOR

...view details