অসম

assam

Awarness Programme in Nalbari : নলবাৰীত নেত্ৰদান সম্পৰ্কীয় সজাগতা সভা

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 5:53 PM IST

সজাগতা সভা

নলবাৰী, 2 ছেপ্টেম্বৰ :শনিবাৰে নলবাৰীৰ আমচা হাউচত নেত্ৰদান সম্পৰ্কীয় এখনি সজাগতামূলক সভা অনুষ্ঠিত হয় ৷ 38 সংখ্যক নেত্ৰদান পষেক উপলক্ষে নলবাৰী জিলা অন্ধতা নিয়ন্ত্ৰণ আৰু দৃষ্টিক্ষীণতা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই নেত্ৰদান সজাগতা সভা ৷ মানুহৰ মৃত্যুৰ পিছতো আন কাৰোবাক নিজৰ নেত্ৰ দান কৰিব পাৰি ৷ বিজ্ঞানসন্মতভাবে এজন লোকে নিজৰ দেহাৱসানৰ পিছত চকুজুৰি কোনো দৃষ্টিহীন লোকক দান দি যোৱাটো মহান কাম ৷ এই সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যৰে আয়োজন কৰা হয় এই সজাগতা সভাখন ৷  

এই সজাগতা সভাত উপস্থিত থাকে নলবাৰীৰ জিলা আয়ুক্ত বৰ্ণালী ডেকা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ সুভাষ শৰ্মা, বিশিষ্ট চকু চিকিৎসক ডাঃ অৰুণ বৰ্মন, জ্যেষ্ঠ চিকিৎসক ডাঃ কামেশ্বৰ লহকৰ, নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধক্ষ ডাঃ বাবুল বেজবৰুৱা, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা, বিশিষ্ট চিকিৎসক ডাঃ মৃগাংক তালুকদাৰৰ লগতে বহুতো বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক :Eye Health: তীক্ষ্ণ দৃষ্টিশক্তিৰ বাবে আজিয়েই খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইসমূহ খাদ্য

ABOUT THE AUTHOR

...view details