অসম

assam

ETV Interview

By

Published : Jun 16, 2023, 6:09 PM IST

ETV Bharat / videos

ETV Interview: শ্ৰী ৰঘুপতিত বলিষ্ঠ অভিনয় কৰা প্ৰবীণ অভিনেতা অৰুণ নাথৰ সৈতে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ

তেজপুৰ, ১৬ জুন:অসমীয়া ছবি জগতত শেহতীয়াকৈ খলকনি সৃষ্টি কৰা ছবি শ্ৰী ৰঘুপতি ৷ ছবিখনত এক ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰিছে অসমীয়া বোলছবি জগতৰ বলিষ্ঠ তথা প্ৰবীণ অভিনেতা অৰুণ নাথে ৷

ইতিমধ্যে ছবিখনে আজি অৰ্থাৎ শুক্ৰবাৰে সগৌৰৱেৰে তৃতীয় সপ্তাহত ভৰি দিয়ে ৷ দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা শ্ৰী ৰঘুপতি ছবিখনে ৫ কোটিৰ ঘৰত প্ৰৱেশ কৰিছে ৷ এই ছবিত এক বিশেষ চৰিত্ৰত ব্যতিক্ৰমী অভিনয় কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰা অভিনেতা অৰুণ নাথে ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত অসমীয়া ছবি ‘চাব টাইটেল’ ব্যৱহাৰ কৰি বিভিন্ন ভাষাত দৰ্শকৰ মাজলৈ নিয়াৰ আহ্বান জনায় ৷

তেঁও কয়, ‘‘মানুহে ছবি এখন চাবলৈ যাওঁ, শুনিবলৈ যাওঁ বুলি নকয়, শুনা কথাত কৈ চোৱাত মানুহে গুৰুত্ব দিয়ে ৷ চাবলৈ হ’লে ভাৰতৰ বিভিন্ন ঠাইত চোৱাৰ লগতে আমেৰিকাৰ দৰ্শক এজনেও চাব ৷’’ দৰ্শকে সময়ৰ লগত খাপ খোৱাকৈ ছবি এখন চাবলৈ বিচাৰে আৰু ‘শ্ৰী ৰঘুপতি’ত এই দিশটোত গুৰুত্ব দিয়া হৈছে বুলিও তেওঁ কয় ৷ অসমীয়া ছবি ডাবিং কৰিলে সকলোৱে চাব বুলি তেওঁ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

লগতে পঢ়ক:ETV Interview: ছুপাৰষ্টাৰ ৰবি শৰ্মাৰ সৈতে শ্ৰী ৰঘুপতিৰ আঁৰৰ কাহিনী-2

ABOUT THE AUTHOR

...view details