অসম

assam

ব্ৰহ্মপুত্ৰৰ বুকুত নিঃশেষ হ’ব নেকি ঐতিহাসিক স'ৰাগুৰি চাপৰি?

ETV Bharat / videos

Erosion: ব্ৰহ্মপুত্ৰৰ বুকুত নিঃশেষ হ’ব নেকি ঐতিহাসিক স’ৰাগুৰি চাপৰি? - নিঃশেষ হ’ব নেকি ঐতিহাসিক স’ৰাগুৰি চাপৰি

By

Published : Jul 4, 2023, 6:16 PM IST

আমগুৰি, ৪ জুলাই : ৰাজ্যুজৰি বানৰ বিভীষিকা শাম কটাৰ পিচতো এতিয়াও কিছু অঞ্চলত খহনীয়াই কালৰূপ ধাৰণ কৰিছে ৷  শিৱসাগৰ জিলাৰ ঐতিহাসিক স'ৰাগুৰি চাপৰিলৈ খহনীয়াই কঢ়িয়াই আনিছে চৰম ভাবুকি ৷ ইছলাম ধৰ্মৰ প্ৰচাৰক হজৰত আজান পীৰ চাহেবৰ সমাধিস্থল স’ৰাগুৰি চাপৰিৰ অস্তিত্বলৈ ভাবুকি নামি অহাত স্থানীয় লোকসকল আতংকিত হৈ উঠিছে। 

উল্লেখ্য যে, প্ৰত্যেক দিনে ব্ৰহ্মপুত্ৰৰ বুকুত স'ৰাগুৰি চাপৰিৰ গৰা খহি ৭৫ ৰ পৰা প্ৰায় ৩০০ বিঘা ভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। দৈনিক এনেদৰে স'ৰাগুৰি চাপৰিৰ গৰা খহিবলৈ ধৰাত আজানপীৰ দৰগাহৰ প্ৰতি নামি আহিছে অশনি সংকেত ।

এনে অৱস্থাত স্থানীয় স'ৰাগুৰি চাপৰি গাঁওবাসীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ। স্থানীয় পুৰুষ-মহিলাই গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ব্ৰহ্মপুত্ৰৰ চৰণত প্ৰাৰ্থনা জনাইছে। স্থানীয় অৰ্দ্ধ-শতাধিক পুৰুষ-মহিলাই হাতে হাতে প্লে’কাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে। জলসম্পদ মন্ত্ৰী হায় হায়, গৰাখহনীয়া ৰোধ কৰক, ঐতিহাসিক স'ৰাগুৰি চাপৰি ৰক্ষা কৰক শ্লোগানেৰে স্থানীয় লোকসকলে বিষয়টো অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰে। জলসম্পদ মন্ত্ৰীৰ লগতে স্থানীয় আমগুৰি সমষ্টিৰ বিধায়কৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে স্থানীয় লোকসকলে।

লগতে পঢ়ক:ASOPWU press meet : অন্ধকাৰত ডুব যাব পাৰে সমগ্ৰ অসম- অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ হুংকাৰ

ABOUT THE AUTHOR

...view details