Elephant menace:বঢ়মপুৰৰ বালিজুৰিত বন্যহস্তীৰ উপদ্ৰৱে বিপাঙত পেলাইছে ৰাইজক - হস্তীদণ্ডী হিচাপে খ্যাত ডাক্তৰ বাগান
Published : Nov 2, 2023, 2:00 PM IST
চামগুৰি, 2 নৱেম্বৰ :ভৈয়ামৰ পথাৰত সেউজ ধানে গেড় মেলিছে, কৃষকৰ মজতো হৈছে আশাৰ সঞ্চাৰ ! কিন্তু সমান্তৰালভাৱে শংকাও ঘনীভূত হৈছে কৃষক ৰাইজৰ মাজত । কাৰণ জাকে-জাকে বন্যহস্তীয়ে এতিয়া বাট বুলা আৰম্ভ কৰিছে ভৈয়ামৰ ধাননি পথাৰলৈ ।
বঢ়মপুৰৰ বালিজুৰিস্থিত অন্যতম হস্তীদণ্ডী হিচাপে খ্যাত ডাক্তৰ বাগানত এতিয়া দিন-দুপৰতেই অৱস্থান গ্ৰহণ কৰিছে শতাধিক বন্যহস্তীয়ে । কাৰ্বি পাহাৰৰ পৰা বিশেষ হস্তীদণ্ডীটোৰে ফুট-গধূলিতে ভৈয়ামৰ পথাৰলৈ নামিবৰ চেষ্টা চলোৱা বন্যহস্তীৰ বৃহৎ জাকটো প্ৰত্যক্ষ কৰি এতিয়া শংকাৰ মাজত দিন অতিবাহিত কৰিছে কৃষক ৰাইজে । ইফালে বন্যহস্তীৰ জাকটোক কৃষক ৰাইজে ভৈয়ামৰ পথাৰত নমাত বাধা প্ৰদান কৰিলেও বৃহৎ জাকটোৱে বালিজুৰি চাহ বাগিচাৰ শ্ৰমিক লাইনত সোমাই কৰিছে চূড়ান্ত উপদ্ৰৱ । যাৰ বাবে ভুক্তভোগী ৰাইজে বন্যহস্তীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবৰ কাৰণে স্থায়ী সমাধানৰ ব্যৱস্থা কৰিবৰ বাবে সংশ্লিষ্ট বন বিভাগক এতিয়া কাতৰ অনুৰোধ কৰিছে ।
লগতে পঢ়ক :Man-elephant clash:এনেকেই চলি যাব বুলি হাত সাৱটি বহি থাকিবনে বন বিভাগ ?