অসম

assam

ETV Bharat / videos

DAC election: বৰ্তমানৰ ৰাজনীতিত ৰিপুন বৰাৰ কোনো গুৰুত্ব নাই: পল্লব লোচন দাস - DAC election election campaign

By

Published : Nov 1, 2022, 8:18 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

"বৰ্তমানৰ ৰাজনীতিত ৰিপুন বৰাৰ দৰে নেতাৰ কোনো গুৰুত্ব নাই । ৰিপুণ বৰা এজন নিজৰ বুথতে পৰাজয় বৰণ কৰা নেতাহে ।" ৰিপুন বৰা সন্দৰ্ভত এই মন্তব্য তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসৰ(MP Pallab Lochan Das) । ৮ নৱেম্বৰত ৰাজ্যত অনুষ্ঠিত হ'ব লগা দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে এতিয়া বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পাঁচটা দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ সমষ্টিতে শাসকীয় দল বিজেপি, অগপ, বিৰোধী দল কংগ্ৰেছ, জিমাচায়া পিপুলচ্ পাৰ্টীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী সকলে ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ ব্যাপক প্ৰচাৰ চলাইছে(DAC election election campaign) । ইফালে সাংসদ গৰাকীয়ে ৰিপুন বৰাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকো কটাক্ষ কৰে(MP Pallav Luchan Das slams Bhupen Borah) । ইয়াৰোপৰি আম আদমি পাৰ্টী সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অসমৰ মানুহে চিনিয়েই নাপাই তেনেস্থলত কিদৰে আপক অসমত ৰাইজে আদৰি লব ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details