Education Minister in Dhemaji: টেবলেটসমূহ ঘূৰাই নিদিবলৈ প্ৰাথমিক শিক্ষকক আহ্বান শিক্ষামন্ত্ৰীৰ - প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰাক লৈ চলি আছে বিতৰ্ক
ধেমাজি, 22 মে’ : ‘‘শিক্ষকসকলে টেবলেটসমূহ ঘূৰাই নিদিব ৷ টেবলেটসমূহ ঘূৰাই দিয়া মানে কাম নকৰাটো বুজায় ৷ দায়িত্বৰ পৰা ফালৰি কাটি অহা বুজায় ৷’’ সোমবাৰে ধেমাজি ভাৰতীয় জনতা পাটীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Education Minister urged school teachers not to return tablets) ৷
শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, ‘‘বৰ্তমান ৰাজ্যৰ শিক্ষকসকলৰ মাজত মুঠ 53 হাজাৰ টেবলেট বিতৰণ কৰা হৈছে ৷ এতিয়া যোগাত্মক কথা বতৰা হ’ব লাগে ৷ প্ৰথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ নাই ৷ কিন্তু ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দায়িত্ব দিয়া আছে ৷ তেওঁলোক ভাট্টা (allowance) দিয়া হয়’’ (Education Minister in Dhemaji)৷
তেওঁ আৰু কয়, ‘‘প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰাক লৈ চলি আছে বিতৰ্ক ৷ চৰকাৰে শীঘ্ৰে এই বিষয়ে বিবেচনা কৰিব’’ ৷ সেয়ে প্ৰাথমিক শিক্ষকসকলক আন্দোলনৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰাৰ লগতে টেবলেটসমূহ ঘূৰাই নিদিবলৈ আহ্বান সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনালে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷
লগতে পঢ়ক :Teachers protest : মঙলদৈত শিক্ষকসকলে ঘূৰাই দিলে টেবলেট