অসম

assam

শিক্ষান্ত্ৰীয়ে দিলে ভাল খবৰ; ৰাজ্যত পুনৰ হ’ব টেট পৰীক্ষা

ETV Bharat / videos

Assam TET exam: শিক্ষান্ত্ৰীয়ে দিলে ভাল খবৰ; ৰাজ্যত পুনৰ হ’ব টেট পৰীক্ষা - TET exam Assam update

By

Published : Mar 5, 2023, 4:00 PM IST

গুৱাহাটী,5 মাৰ্চ: ৰাজ্যত পুনৰ অনুষ্ঠিত হ'ব বিশেষ টেট ৷ অৱশ্যে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ এই বিশেষ টেট পৰীক্ষা অনুষ্ঠিত হ'ব ৰাজ্যৰ 6খন জিলাত ৷ স্বায়ত্ত-শাসিত এলেকাত হ'বলগীয়া এই টেট পৰীক্ষা 30 এপ্ৰিলত অনুষ্ঠিত হ’ব (Assam TET exam 2023) ৷

দেওবাৰে গুৱাহাটীৰ কাহিলিপাৰাস্থিত সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰী কৰে শিক্ষামন্ত্ৰী ড৹ ৰণোজ পেগুৱে ৷ শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ষষ্ঠ অনুসূচিৰ এলেকাত হ'বলগীয়া টেট পৰীক্ষাৰ নিযুক্তি প্ৰক্ৰিয়াৰ কৰ্তৃত্ব স্থানীয় পৰিষদখনৰ ৷ বিশেষ টেট পৰীক্ষা কোকৰাঝাৰ, বাক্সা, ওদালগুৰি, ডিমা হাচাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত অনুষ্ঠিত হ’ব (TET exam Assam update)।  

ইয়াৰ বাবে অনলাইনযোগে আবেদন কৰিব পাৰিব আৰু আজিৰে পৰা এই প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ আবেদনৰ শেষ সময়সীমা 30 মাৰ্চ ৷ পৰীক্ষাৰ বাবে 15 এপ্ৰিলত অনলাইনযোগে এডমিট কাৰ্ড প্ৰদান কৰা হ’ব আৰু পৰীক্ষা হ’ব ৩০ এপ্ৰিলত (Assam TET 2023 exam date) । 

লগতে পঢ়ক:Governor Kataria urges Paresh Barua for peace talks: পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আমন্ত্ৰণ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ

ABOUT THE AUTHOR

...view details