Anti corruption raid: 5000 টকাৰ ঘোচ লৈ হাত দাঙিলে শিক্ষা বিভাগৰ কৰ্মচাৰীয়ে - Education department staff
নগাঁও, 17 জুলাই: ৰাজ্যুজৰি দুৰ্নীতি নিবাৰক শাখাই ইজনৰ পিচত সিজনকৈ উৎকোচ লোৱা চৰকাৰী বিষয়াক হাতে-লোটে ধৰাৰ পিচতো গা ল’ৰা নাই একাংশ চৰকাৰী কৰ্মচাৰীৰ ৷ এইবাৰ 5000 টকাৰ ঘোচ লৈ হাতে-লোটে ধৰা পৰিল এগৰাকী চৰকাৰী কৰ্মচাৰী ৷ সোমবাৰে নগাঁৱত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল লাওখোৱা শিক্ষা খণ্ডৰ কনিষ্ঠ সহায়ক বিপুল মেচ ৷
শিক্ষকৰ ৰদবদলৰ নামত নগাঁও চহৰৰ মাৰোৱাৰীপট্টীত শিক্ষকৰ পৰা ধন লওঁতেই হাতে-লোটে মেচক আটক কৰে দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে ৷ এজন শিক্ষকৰ পৰা ৰদবদলৰ নামত কনিষ্ঠ সহায়ক বিপুল মেচে খুজিছিল 15 হাজাৰ টকা ৷ কিন্তু শিক্ষকগৰাকীয়ে ইমান ধন দিব নোৱাৰিম বুলি কোৱাত 10 হাজাৰ টকাত কৰ্মচাৰীজন মান্তি হয় ৷
আজি তাৰে 5000 টকা ল’বলৈ আহোঁতেই হাতে-লোটে ধৰা পৰে শিক্ষা বিভাগৰ কৰ্মচাৰীগৰাকী ৷ সম্প্ৰতি দুৰ্নীতি নিবাৰক শাখাই শিক্ষা বিভাগৰ কৰ্মচাৰী বিপুল মেচক আটক কৰি জেৰা অব্যাহত ৰখাৰ লগতে ঘটনাৰ সন্দৰ্ভত অনুসন্ধানো অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক:Landmark Hotel scam: লেণ্ডমাৰ্ক হোটেল কেলেংকাৰী গোচৰৰ অভিযোগ নামা দাখিল