অসম

assam

সুৰা সেৱন কৰি যান বাহন নচলাব

ETV Bharat / videos

মই মদ খালেও কিন্তু মোৰ কোনো অসুবিধা নাই: সুৰাসক্ত চালক

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 7:22 PM IST

নলবাৰী, ২১ নৱেম্বৰ : ৰাজ্যৰ চৰকাৰৰ পৰিবহণ বিভাগে সুৰা সেৱন কৰি যান-বাহন নচলাবলৈ ৰাইজ তথা চালকক সজাগ কৰিবলৈ বাটৰ নাট, বেনাৰ-পোষ্টাৰ লগাই বিভিন্ন পদক্ষেপ হাতত লোৱা দেখা গৈছে । তেনে সময়তে একাংশ চালকে পৰিবহণ বিভাগৰ নিয়মক ভেঙুচালি কৰি সুৰাসক্ত অৱস্থাত বাহন চলাই থকা সময় সময়ে দেখা যায় । তেনে এক অনুৰূপ ঘটনা মঙলবাৰৰ দুপৰীয়াৰ ভাগত নলবাৰী চহৰৰ পল্লাৰোডত পৰিলক্ষিত হয় ।

AS 25 CC 0359 নম্বৰৰ টাটা ডি আই ভেন এখনৰ চালকে আজি দুপৰীয়াৰ ভাগত নলবাৰী চামতা গৰ্ডন সংযোগী পথত অতপালি সৃষ্টি কৰা পৰিলক্ষিত হয় । দিন দুপৰতে বাহনখনৰ চালকে ডিঙিলৈকে সুৰা সেৱন কৰি ঘাটকৰ ৰূপত গাড়ী চলাই নলবাৰী চহৰৰ ৰাজপথত আতংকময় পৰিবেশৰ সৃষ্টি কৰে ।

আনহাতে একাংশ পথচাৰী সুৰাসক্ত চালকজনৰ অতপালিৰ কাৰণে পথৰ দাঁতিত বাগৰি পৰা পৰ্যন্ত পৰিলক্ষিত হৈছে । একাংশ স্থানীয় ৰাইজে শনিৰোডৰ পৰা খেদি খেদি নলবাৰী পল্লাৰোডত গাড়ীখন স্থানীয় ৰাইজৰ সৈতে মিলি আটক কৰে । নিমিষতে ৰাজপথতে এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় । পিচত স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ সুৰাসক্ত চালকসহ গাড়ীখন নলবাৰী সদৰ থানালৈ লৈ যায় । জানিব পৰা মতে, চালকজনে কেবাজনো লোকক খুন্দিয়াই আহিছিল ৷

লগতে পঢ়ক :নলবাৰীৰ কাৱৈমাৰীত যাত্ৰীবাহী টেম্প’ আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘৰ্ষ, চাৰিজন আহত

ABOUT THE AUTHOR

...view details