Drugs Seized : ডিব্ৰুগড়ত 18 লক্ষাধিক টকাৰ ড্ৰগাছসহ আটক সৰবৰাহকাৰী - ড্ৰাগছ সৰবৰাহকাৰী
ডিব্ৰুগড়, 15 মে’: ডিব্ৰুগড়ত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক চাৰিটাকৈ সৰবৰাহকাৰী ৷ বগীবিলত আৰক্ষীৰ অভিযানত জব্দ 1 কেজি 74 গ্ৰাম নিষিদ্ধ ড্ৰাগছ ৷ গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ চিৰঞ্জীৱ পাইত, দীপাংকৰ কুটুম, বলোৰাম দত্ত, পবিত্ৰ কুটুম নামৰ চাৰিটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (Drugs paddler arrested with Drugs in Dibrugarh) । জব্দ কৰা ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য 18 লাখ টকাৰো অধিক বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে (Drugs paddler arrested) ৷
অভিযানত সৰবৰাহকাৰীকেইটাই ব্যৱহাৰ কৰা এ এছ ০৬ এএ ৮৮৪১ নম্বৰৰ এখন বেলেন’ বাহন জব্দ কৰিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে, বাহনখন ৰখাবলৈ চেষ্টা কৰাৰ সময়ত সুমন সাহা নামৰ এজন আৰক্ষী আহত হৈছে বুলি জানিব পৰা গৈছে (Drugs Seized in Dibrugarh)।
ডিব্ৰুগড়ৰ পৰা চিলাপথাৰলৈ লৈ গৈ থকা অৱস্থাত ড্ৰাগছখিনি জব্দ কৰা বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াই প্ৰকাশ কৰিছে ৷ ধৃত চাৰিটা সৰবৰাহকাৰীৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষীয়ে গোচৰ ৰুজু কৰি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়ক:Land dispute in Biswanath: বিশ্বনাথত ভূমি কেন্দ্ৰিক বিবাদত কেইবাজনো আহত