Drugs Peddler Arrested : ৰঙা ঘৰত সোমাল ড্ৰাগছ সৰবৰাহকাৰী - ড্ৰাগছ সৰবৰাহকাৰী বিৰুদ্ধে অভিযান
দৰং, 18 মে’ : খাৰুপেটীয়াত অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সষ্টম আৰক্ষী । ড্ৰাগছ সৰবৰাহকাৰী বিৰুদ্ধে চলিল অভিযান । উদ্বাৰ ৯৩ টা কন্টেইনাৰত ১২৬ গ্ৰাম ড্ৰাগছ ।
খাৰুপেটীয়া থানাৰ নৱ নিযুক্ত পৰিদৰ্শক ৰাজীব বৰুৱাই পদত যোগদান কৰাৰ পিছতেই বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে খাৰুপেটীয়াত । মঙ্গলবাৰে খাৰুপেটীয়াত অবৈধ সাৰ জব্দ কৰাৰ পিছত পুনৰ ড্ৰাগছৰ বিৰুদ্ধে চলালে অসম আৰক্ষীৰ আন এক অভিযান । এই অভিযানকালত আৰক্ষীয়ে ৯৩ টা কন্টেইনাৰত ১২৬ গ্ৰাম সন্দেহজনক ড্ৰাগছৰ লগতে আটক কৰে এজনক । আটক কৰা ব্যক্তিজন খাৰুপেটীয়াৰ বিহুদিয়া গাঁৱৰ ইনছেৰ আলী বুলি জানিব পৰা গৈছে ৷ (Drugs Peddler Arrested)
জব্দকৃত সন্দেহজনক ড্ৰাগছ খিনিৰ আনুমানিক বজাৰ মূল্য ৭-৮ লাখ টকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে । উল্লেখ্য যে এক গোপন খবৰৰ ভিত্তিত খাৰুপেটীয়া থানাৰ পৰিদৰ্শক ৰাজীব বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ দলে বিহুদিয়া গাঁৱৰ ইনছেৰ আলীৰ ঘৰত চলোৱা তালাচীত আৰক্ষীয়ে ড্ৰাগছ সহ লোকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক :Guwahati Doctor Couple case: পুনৰ 3 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ডাঃ সংগীতা দত্তক