Dihanam Workshop at Nalbari Harimandir:২৬০০ মহিলাৰে নলবাৰী হৰিমন্দিৰত দিহানাম কৰ্মশালা - ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰিমন্দিৰ
নলবাৰী, ২০ জুলাই : ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰিমন্দিৰ চৌহদত নলবাৰী জিলা দিহানাম সমিতিৰ উদ্যোগত, শ্ৰী শ্ৰী হৰি মন্দিৰৰ সহযোগত দিহানামৰ কৰ্মশালা অনুষ্ঠিত হয় । ১৮ জুলাইৰ পৰা ২১ জুলাইলৈ অনুষ্ঠিত কৰ্মশালাত জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা মুঠ ২৬০০ গৰাকী মহিলাই অংশগ্ৰহণ কৰে । জিলাখনৰ সৰ্ববৃহৎ দিহানামৰ কৰ্মশালা বুলি ক’ব পাৰি এইখন কৰ্মশালাক ।
তিনি গৰাকীকৈ বিশেষজ্ঞৰ সহায়ত লগতে উক্ত সংস্থাৰ সদস্য বৃন্দৰ সহযোগত দিহা নাম, নাগাৰা, খোল আদিৰ প্ৰশিক্ষণ দিয়া হয় উক্ত কৰ্মাশালাত । জগতগুৰু শংকৰদেৱৰ অপূৰ্ৱ সৃষ্টি নাম-কীৰ্তনক সমগ্ৰ বিশ্বতে প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে এই কৰ্মশালাৰ আয়োজন কৰা হয় বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ।
২৬০০ মহিলাৰ উপস্থিতিত আয়োজিত এই দিহানাম কৰ্মশালাৰে এক ভক্তিমুখৰ পৰিৱেশ বিৰাজ কৰে নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰিমন্দিৰ প্ৰাংগণত ।