Jiyadhal river: জীয়াঢলৰ কাংকু সুঁতিৰ গতিপথ সলনিৰ চেষ্টা প্ৰশাসনৰ - জীযাঢলৰ কাংকু সুঁতিৰ গতিপথ সলনিৰ চেষ্টা প্ৰশাসনৰ
ধেমাজি , ৯ জুলাই:বাৰিষা সময়ত জীয়াঢলৰ কাংকু সুঁতিৰ গতিপথ সলনি কৰাৰ চেষ্টা ধেমাজি জিলা প্ৰশাসনৰ ৷ দেওবাৰে পুৱাৰে পৰা ধেমাজিৰ জীয়াঢল চাৰিআলিৰ সমীপত এখন এক্সাভেটৰৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ নলাসমূহ পৰিষ্কাৰ কৰে ৷ উল্লেখ্য যে জীয়াঢলৰ কাংকু সুঁতিয়ে বিগত কেইবা বছৰৰ পৰা ধেমাজি জীয়াঢল চাৰিআলি আৰু ভজু গাঁৱত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰে পানী বাগৰি বিস্তীৰ্ণ অঞ্চল জলমগ্ন কৰি আহিছে ৷
এইবেলিও বাৰিষা ঘাইপথৰ ওপৰেৰে পানী বাগৰি থকাত বৃহত্তৰ অঞ্চলবাসীৰ লগতে ক্ষতিগ্ৰস্ত হৈছে ঘাই পথটোও ৷ ইফালে, এই সুঁতিক নিয়ন্ত্ৰণ কৰিবৰ বাবে ধেমাজি জিলা প্ৰশাসনক বাৰাম্বাৰ স্থানীয় ৰাইজে অৱগত কৰি অহাৰ পিচতো তিলমানো গুৰুত্ব নিদিয়াত শনিবাৰে ধেমাজি প্ৰশাসনৰ বিৰুদ্ধে পুনৰ ক্ষুব্ধ হৈ জীয়াঢল চাৰিআলি আৰু ভজু গাঁওবাসীয়ে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ ইয়াৰ পিচত আজি দেওবােৰে ধেমাজি ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত জীয়াঢল চাৰাআলিত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ নলাসমূহ পৰিষ্কাৰ কৰে ৷
লগতে পঢ়ক:Assam Flood Report: ৰাজ্যৰ পাঁচখন জিলাত বান পৰিস্থিতিৰ অৱনতি; 34 হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত
TAGGED:
Cleaning of Jiyadhal river