অসম

assam

CID ক মই সম্পূৰ্ণ মুকলিকৈ ঘটনাৰ তদন্ত কৰিবলৈ দিছো : জি পি সিং

ETV Bharat / videos

SI Junmoni Rabha death case : CID ৰ তদন্তৰ প্ৰতিবেদন অনুসৰি লোৱা হ’ব ব্যৱস্থা: জি পি সিং

By

Published : May 18, 2023, 7:42 PM IST

Updated : May 18, 2023, 8:00 PM IST

তিনিচুকীয়া, ১৮ মে’:ৰাজ্যত এতিয়া চৰ্চাৰ বিষয় SI জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰসংগ (SI Junmoni Rabha death case) ৷ সদ্য প্ৰয়াত SI ৰাভাৰ মৃত্যুক লৈ বিভিন্ন সময়ত বিভিন্ন জনে ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷ ইয়াৰ মাজতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙেও বৃহস্পতিবাৰে তিনিচুকীয়াত ব্যক্ত কৰিছে প্ৰথমটো প্ৰতিক্ৰিয়া ৷

এই সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয়, ‘‘CID দলক ইতিমধ্যে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছো ৷ ADGP, CID য়ে জনোৱা অনুসৰি লখিমপুৰ আৰু নগাঁৱত CID ৰ দল উপস্থিত হৈছে ৷ ইতিমধ্যে CID ৰ দলে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ এই সময়ত মই কিবা এটা কৈ দিয়াটো উচিত নহয় ৷ CID দলক মই সম্পূৰ্ণ মুকলিকৈ ঘটনাৰ তদন্ত কৰিবলৈ দিছো’’ (GP Singh reacts on SI Junmoni Rabha death)৷

ইফালে, নকল সোণৰ চোৰাং ব্যৱসায় চক্ৰ জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাত সাঙোৰ খাই পৰাৰ বিষয়ে সাংবাদিকে প্ৰশ্ন কৰাত DGP য়ে কয়, ‘‘CID য়ে তদন্তৰ প্ৰতিবেদন যেনেকৈ দিব, সেই ধৰণে ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ সমগ্ৰ ঘটনাটোত দুখনকৈ জিলাৰ আৰক্ষী জড়িত হৈ আছে ৷ গতিকে CID ৰ তদন্তৰ প্ৰতিবেদনৰ মতে যি প্ৰয়োজন হয় সকলো ব্যৱস্থা লোৱা হ’ব ৷’’

লগতে পঢ়ক :Junmoni Rabha mysterious death : জোনমণি ৰাভাৰ মৃত্যুক লৈ আভাজ্যোতি ৰাভা আৰু মনোজ ৰাজবংশীক জেৰা CID ৰ

Last Updated : May 18, 2023, 8:00 PM IST

ABOUT THE AUTHOR

...view details