DGP at Tinsukia: যুৱ প্ৰজন্মৰ একাংশই ভুল পথ অৱলম্বন কৰা পৰিলক্ষিত হৈছে: ভাস্কৰজ্যোতি মহন্ত - আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত
ৰাজ্যত যুৱ প্ৰজন্মৰ ভৱিষ্যতক লৈ শংকিত হৈছে অসম আৰক্ষী ৷ মঙলবাৰে তিনিচুকীয়া জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যুৱক-যুৱতীসকলৰ উপস্থিতিত তিনিচুকীয়াস্থিত হোটেল হলোঙত দক্ষতা বিকাশ আৰু কাৰিকৰী বৃত্তিগত জীৱিকা বিষয়ক তিনিচুকীয়া জিলা আৰক্ষীৰ উদ্যোগত এখনি পৰামৰ্শ সভা অনুষ্ঠিত হয় ৷ এই সভাত উপস্থিত থাকে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত(DGP Bhaskarjyoti Mahatnta)৷ মহন্তই এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি কয়- "যিটো হাৰত দেশখনত জনসংখ্যা বৃদ্ধি পাব ধৰিছে, তাৰ সমান্তৰাল ভাৱে ৰাজ্যত বাঢ়িব ধৰিছে নিবনুৱা সমস্যা (DGP Bhaskarjyoti Mahatnta on unemployment problem ) ৷ নিবনুৱা সমস্যাৰ ফলত বহু শিক্ষিত যুৱক-যুৱতীৰ ভৱিষ্যৎ কলিতে মৰহি যোৱা পৰিলক্ষিত হৈ আহিছে ৷ ইতিমধ্যে বহুতো যুৱক-যুৱতীয়ে নিবনুৱা সমস্যাৰ ফলত হতাশাত ভোগা দেখা গৈছে ৷ আজিকালি যুৱ প্ৰজন্মই নিজকে প্ৰতিষ্ঠা কৰাৰ বহুতো পথ আছে ৷ কিন্তু তাকে নকৰি যুৱ প্ৰজন্মৰ বহুতে ভুল পথ অৱলম্বন কৰাৰ পৰিলক্ষিত হৈছে ৷ এই অনুষ্ঠানৰ সহায়ত আমি যুৱ প্ৰজন্মক সজাগ কৰিব বিচাৰিছো ৷ বৰ্তমানৰ যুৱ প্ৰজন্মক আঙুলি ধৰি পথ দেখুৱাই দিবলৈ এই অনুষ্ঠানৰ আমি আয়োজন কৰিছো ৷ এয়া অসম আৰক্ষীৰ তৰফৰ পৰা জনজাগৰণ অনাৰ প্ৰচেষ্টা ৷" লগতে ৰাজ্যত হৈ থকা চাইবাৰ ক্ৰাইম সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে -"হোৱাটছএপ যোগে অন্য লোকৰ ফটো ৰাখি কৰাবোৰ চাইবাৰ ক্ৰাইম নহয় 420 কাৰবাৰহে ৷ আমি হোৱাটছ এপ কৰ্তৃপক্ষৰ লগত কথা পাতিছো ৷ এনেকুৱা অপৰাধী আমি কৰায়ত্তও কৰিছো ৷ কিন্তু বৰ্তমান সময়ত সকলোতকৈ ভয়াবহ চাইবাৰ ক্ৰাইম হৈছে এটিএমৰ পৰা ধন হৰলুকি কৰাটো ৷ আমি এনে অপৰাধী কৰায়ত্ত্ব কৰিবলৈ বিশেষ চাইবাৰ চেল নিযুক্ত কৰিছো ৷"
Last Updated : Feb 3, 2023, 8:24 PM IST
TAGGED:
DGP Bhaskarjyoti Mahatnta