Dengue Outbreak in Assam : মেৰাপানীত ডেংগুৰ প্ৰাদুৰ্ভাৱ; ডেংগুত আক্ৰান্ত 5 জন - ডেংগু ৰোগৰ প্ৰাৰ্দুভাৱ
Published : Sep 29, 2023, 3:00 PM IST
যোৰহাট, 29 ছেপ্টেম্বৰ :মেৰাপানীত ডেংগুৱে লৈছে ভয়াৱহ ৰূপ। একেখন গাঁৱৰে পাঁচজনকৈ লোক আক্ৰান্ত এই মহামাৰী ৰোগত। মেৰাপানীৰ 2 নং ওপৰ তৰাণিত দ্ৰুত গতিত বৃদ্ধি পাইছে ডেংগু ৰোগৰ প্ৰাৰ্দুভাৱ । 2 নং ওপৰ তৰাণিৰ পাঁচজনকৈ লোক এই ৰোগত আক্ৰান্ত হোৱাৰ ফলত চিন্তিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ।
জানিব পৰা মতে, ডেংগু ৰোগত আক্ৰান্ত হৈ অঞ্চলটোৰ চাৰিগৰাকী লোকক যোৰহাট আৰু গোলাঘাটৰ চিকিৎসালয়ত ভৰ্তি হৈ আছে ৷ লগতে আন এজন লোক নিজ গৃহতে চিকিৎসাধীন অৱস্থাতে আছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে মেৰাপানীৰ 2 নং ওপৰ তৰাণিৰ গাঁও প্ৰধানগৰাকীয়ে ৷
ইফালে উক্ত অঞ্চলটোত ডেংগু ম’হক বা এই ৰোগবিধ প্ৰতিৰোধ কৰিবৰ বাবে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা কোনোধৰণৰ উচিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে । সেয়ে অতি সোনকালে ডেংগু ম’হক বা এই ৰোগবিধ প্ৰতিৰোধ কৰাৰ বাবে স্বাস্থ্য বিভাগক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক : Dengue Outbreak in Assam: ধনশিৰি মহকুমা ভয়ংকৰ ৰূপ লৈছে ডেংগুৱে