অসম

assam

কমলাবাৰী ফেৰী ঘাটৰ ৰেম্প স্থানান্তৰ কৰাৰ সিদ্ধান্ত

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 4:57 PM IST

মাজুলীৰ ফেৰী চলাচল

মাজুলী, 8 জানুৱাৰী :আজি অৰ্থাৎ সোমবাৰে বিধায়ক ভূৱন গামৰ লগতে মাজুলীৰ আয়ুক্ত, IWT বিভাগৰ লোক, জল পৰিবহণ বিভাগৰ লগতে ফেৰীৰ মালিকসকলে ফেৰী চলাচলৰ উপযুক্ত স্থান পৰিদৰ্শন কৰে ৷ কিয়নো ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ হ্ৰাস পোৱাৰ বাবে কমলাবাৰী আৰু নিমাতীৰ মাজত ফেৰী চলাচল কৰাত আহি পৰিছে বাধা ।

কমলাবাৰী নিমাতীৰ মাজত চলাচল কৰা কেইবাখনো ফেৰী যোৱা কেইটামান দিনত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ হ্ৰাস হোৱাৰ বাবে নৈৰ মাজত আৱদ্ধ হৈ পৰিছিল । যাৰ বাবে দীৰ্ঘদিন ধৰি অসুবিধাৰ সন্মুখীন হৈ আছে কমলাবাৰী-নিমাতীৰ মাজত ফেৰী চলাচলত ।

মাজুলীৰ বিধায়ক ভূৱন গামে উল্লেখ কৰা অনুসৰি, দুই এদিনৰ ভিতৰতে এই নতুন স্থানলৈ স্থানান্তৰ কৰা হ’ব কমলাবাৰী ঘাটৰ ফেৰীৰ ৰেম্পসমূহ । খৰালি ফেৰী চলাচলৰ বাবে অস্থায়ী ৰেম্পৰ ব্যৱস্থা কৰিছে বিভাগে । ডাঙৰ জাহাজখিনি অফলামুখৰ পৰা আৰু গুটিয়া ফেৰীসমূহ নিমাতী কমলাবাৰী ঘাটেৰে চলাচল কৰিব বুলি বিভাগীয় কৰ্তৃপক্ষই সংবাদ মাধ্যমৰ আগত সদৰী কৰে ।

লগতে পঢ়ক :গণৰাজ্য দিৱসৰ পেৰেডত অসমে স্থান নোপোৱা বিষয়টো বৰ বেছি চিন্তনীয় নহয় : বিমল বড়া

ABOUT THE AUTHOR

...view details