অসম

assam

গুইলেজা গাঁৱত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু

By

Published : May 11, 2023, 11:25 AM IST

Updated : May 11, 2023, 2:05 PM IST

ETV Bharat / videos

One Death of Electric Shock: কলগাছিয়াত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

জনীয়া , ১১ মে:বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত চৰ গুইলেজা গাঁৱত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা (Death due to electrocution in Kalgachia) । গুইলেজা গাঁৱৰ ছলেমানৰ ঘৰত একে গাঁৱৰে শ্বাহাৰুল ইছলাম নামৰ এজন লোকে মটৰ মিস্ত্রীৰ কাম কৰি আছিল । শ্বাহাৰুল ইছলামে দিনৰ ভাগত কাম সামৰি গুচি যায় । ঘৰখনত এগৰাকী মহিলা আৰু এগৰাকী যুৱতীৰ বাহিৰে আন কোনো লোক নাছিল ।

ছলেমানৰ ঘৰৰ মহিলাগৰাকীয়ে বুধবাৰে নিশাৰ ভাগত ঘৰৰ কাষত এজন মানুহ মাটিত পৰি থকা প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ উপস্থিত হৈ শ্বাহাৰুল ইছলাম নামৰ মিস্ত্রী বৈদ্যুতিক তাঁৰত স্পৰ্শ হৈ পৰি থকা থকা দেখি কলগাছিয়া থানাৰ আৰক্ষীক অৱগত কৰে (Kalgachia Police Station)। ইপিনে, মিস্ত্রীজনে নিশাৰ ভাগত কি কাৰণত উক্ত ঘৰত উপস্থিত হৈছিল সেয়া ঘৰৰ কোনেও অৱগত নহয় বুলি মন্তব্য কৰে । মৃত শ্বাহাৰুল ইছলাম দুই সন্তানৰ পিতৃ বুলি জানিব পৰা গৈছে । ইয়াৰ পিচতেই কলগাছিয়া আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰে ।

লগতে পঢ়ক:Storm in Dibrugarh : টিংখাঙৰ হালমাৰী বাগিচাত ধুমুহাত আহতৰ পৰিয়ালে পোৱা নাই সাহাৰ্য

Last Updated : May 11, 2023, 2:05 PM IST

ABOUT THE AUTHOR

...view details