অসম

assam

অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ 44 সংখ্যক মৃত্যু তিথি

ETV Bharat / videos

অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ 44 সংখ্যক মৃত্যু তিথি পালন - জিলা সভাপতি জ্ঞান শৰ্মা

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 8:04 PM IST

জোনাই, ১০ ডিচেম্বৰ :দেওবাৰে ৰাজ্যজুৰি পালন কৰা হৈছেশ্বহীদ দিৱস । অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আজি মৃত্যু তিথি । জাতি, মাটি, ভাষা, কৃষ্টি-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত প্ৰাণ বলিদান দিয়া ৮৫৫ জনতকৈ অধিক মহান শ্বহীদৰ প্রতি সন্মান জনাই জোনাইত অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদে নিজা কাৰ্যালয়ত বন্তি প্ৰজ্জ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় ৷

এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সভাপতি জ্ঞান শৰ্মাই অংশগ্ৰহণ কৰি কয় যে, অসমী আইৰ জাতীয় স্বাৰ্থ ৰক্ষাৰ হেতুকে নিজৰ প্ৰাণ উচৰ্গা কৰা “অসম আন্দোলন”ৰ প্ৰথমগৰাকী বীৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আৰু এই আন্দোলনত নিজৰ প্ৰাণ উচৰ্গা কৰা প্ৰতিগৰাকী বীৰ শ্বহীদক এই শ্বহীদ দিৱসৰ পৱিত্ৰ ক্ষণত শ্ৰদ্ধাৰে সুঁৱৰিছো ৷ ইফালে সদৌ অসম ছাত্ৰ সন্থাৰ শ্বহীদ বেদীত জোনাই আঞ্চলিক ছাত্ৰ সন্থাই শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনায় ৷

লগতে পঢ়ক:ৰাইজৰ বাবে মুকলি হ’ল দীপৰ বিলৰ পাৰৰ বনভোজথলী

ABOUT THE AUTHOR

...view details