অসম

assam

By

Published : Oct 19, 2022, 3:35 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ETV Bharat / videos

DAC Election:মাজুলী সমষ্টিত বিজেপি প্ৰাৰ্থীৰ মনোনয়ন দাখিল

দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন সমাগত (Deori Autonomous Council Election) ৷ ৰাজ্যৰ অন্যতম ভূমিপুত্ৰ দেউৰী জনগোষ্ঠীৰ উন্নয়ন আৰু বিকাশৰ উদ্দেশ্যৰে গঠন হোৱা দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ আগন্তুক নিৰ্বাচন অনুষ্ঠিত হ'ব অহা ৮ নৱেম্বৰত । ইয়াৰ বাবে সোমবাৰৰ পৰা আৰম্ভ হৈছে প্ৰাৰ্থীসকলৰ মনোনয়ন দাখিল পৰ্ব । বুধবাৰে মাজুলী (ST) ৯ নং সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ইনোপভা দেউৰীয়ে মনোনয়ন দাখিল কৰে (BJP Filing of nominations)। ইনোপভা দেউৰীয়ে আজি বহু সমৰ্থক লগত লৈ মাজুলী জিলা নিৰ্বাচনী বিষয়া কক্ষত মনোনয়ন পত্ৰ দাখিল কৰে । উল্লেখ্য় যে মাজুলীৰ ৬ টা ভোট কেন্দ্ৰত হ'ব ভোট গ্ৰহণ (Polling to be held in 6 stations of Majuli) প্ৰক্ৰিয়া । উক্ত নিৰ্বাচনত অংশগ্ৰহণ কৰিব ২৬১৪ গৰাকী ভোটাৰে । ৰাজ্যৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী, ধেমাজি, লখিমপুৰ আৰু বিশ্বনাথসহ ৮ খন জিলাক সামৰি থকা দেউৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ ২২ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details