Durga Puja 2023: টিংখাঙত পূজা মণ্ডপে মণ্ডপে সাংস্কৃতিক মন্ত্ৰী বিমল বড়া - durga puja in dibrugarh
Published : Oct 22, 2023, 3:57 PM IST
মৰাণ, 22 অক্টোবৰ: আজি মহা অষ্টমী ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত মহাগৌৰীৰ ৰূপত মা দুৰ্গাক আৰধনা ভক্তৰ ৷ ঢাক-ঢোল-শংখ-ঘন্টাৰ ধ্বনিত মুখৰিত হৈছে ৰাজ্যৰ পূজাথলীসমূহ ৷ প্ৰতিটো পূজা মণ্ডপত অসূয়া-অপ্ৰীতিৰ নাশৰ অৰ্থে দেৱী দশভূজাক উপাসনা কৰিছে ভক্তপ্ৰাণে ৷
ডিব্ৰুগড় জিলাৰ টিংখাঙত পূজাৰ মণ্ডপে মণ্ডপে মা দুৰ্গাৰ আশীষ লৈছে মন্ত্ৰী বিমল বড়াই । সপ্তমীৰ সন্ধিয়া টিংখাং ৰাজগড়ৰ পূজাস্থলীসমূহ পৰিদৰ্শন কৰাৰ লগতে মা দুৰ্গাৰ আশীষ গ্ৰহণ কৰে মন্ত্ৰী বড়াই । লগতে মন্ত্ৰীগৰাকীয়ে সকলো ৰাইজকে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাক আনহাতে মন্ত্ৰীগৰাকীয়ে প্ৰতিখন পূজা সমিতিক মুখ্যমন্ত্ৰীৰ বিশেষ অনুদান ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰে ৷
ইয়াৰ মাজতে ইফালে টিংখাং আৰু ৰাজগড়ৰ দুটা স্থানত দুটাকৈ উচ্চ ক্ষমতাসম্পন্ন বিজুলী চাকিৰ উদ্বোধন কৰে মন্ত্ৰী বিমল বড়াই ৷
লগতে পঢ়ক:Durga Puja 2023 : মৰিয়নীত দেৱী দুৰ্গাৰ আশিস ল’লে সাংসদ তপন কুমাৰ গগৈয়ে