Civic action program by CRPF: নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত চিকিৎসা সামগ্ৰী বিতৰণ চি আৰ পি এফৰ - crpf donated medical materials in nagaon
নগাঁও, 30 মাৰ্চ :নগাঁৱত ব্যতিক্ৰমী ৰূপত দেখা গ'ল হাতত অত্যাধুনিক মাৰণাস্ত্ৰ লৈ সদায় কৰ্তব্য পালনত ব্যস্ত থকা চি আৰ পি এফক । নগাঁৱৰ ৩৪ নং চি আৰ পি এফৰ প্ৰশংসনীয় পদক্ষেপ । ৩৪ নং চি আৰ পি এফ বেটেলিয়নে চৰকাৰী চিকিৎসালয়ত বিতৰণ কৰিলে বিভিন্ন চিকিৎসা সামগ্ৰী (Civic action program in Nagaon) । বিভিন্ন চিকিৎসা সামগ্ৰীৰ লগতে ৰোগীৰ বাবে হুইল চেয়াৰো বিতৰণ কৰে চি আৰ পি এফৰ ৩৪ নং বেটেলিয়নে (CRPF donated medical materials in Nagaon)।
চি আৰ পি এফৰ ৩৪ নং বেটেলিয়েনে এইবাৰ গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ । ৰোগীৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত কিছু হলেও সুবিধা হোৱাকৈ নগাঁৱৰ কাতিমাৰীস্থ চি আৰ পি এফৰ ৩৪ নং বেটেলিয়েনে নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত বিতৰণ কৰিলে ৰোগীৰ উপযোগী বিভিন্ন চিকিৎসা সামগ্ৰী । হুইল চেয়াৰ, অক্সিজেন চিলিণ্ডাৰ, ব্লাড প্ৰেচাৰ জোখা যন্ত্ৰ, চেলাইন ষ্টেণ্ডৰ লগতে অন্যান্য প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী বিতৰণ কৰে চি আৰ পি এফৰ ৩৪ নং বেটেলিয়েনে (Medical materials donated by CRPF) । নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত বিভিন্ন চিকিৎসা সামগ্ৰী প্ৰদান কৰাৰ ফলত চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট উপকাৰ হ'ব বুলি আশা প্ৰকাশ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই (Civic action program) ।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও নগাঁৱৰ কাতিমাৰীস্থিত চি আৰ পি এফৰ ৩৪ নং বেটেলিয়েনে ৰোগীৰ বাবে বিনামূলীয়া ৰক্ত দান শিবিৰৰো আয়োজন কৰিছিল । চি আৰ পি এফৰ ৩৪ নং বেটেলিয়েনে সাধাৰণ পৰিয়ালৰ ৰোগীৰ বাবে গ্ৰহণ কৰা এনে পদক্ষেপৰ শলাগ লৈছে বিভিন্নজনে । চি আৰ পি এফৰ ৩৪ নং বেটেলিয়েনৰ বিনামূলীয়া চিকিৎসাৰ সামগ্ৰী বিতৰণ অনুষ্ঠানত চি আৰ পি এফৰ বিষয়া জোৱানৰ লগতে উপস্থিত থাকে নগাঁৱৰ যুটীয়া স্বাস্থ্য সঞ্চালক অৰূপ জ্যোতি মহন্ত, চিকিৎসালয়ৰ চিকিৎসক তথা স্বাস্থ্য কৰ্মী ।
লগতে পঢ়ক :Civic action program: খটখটীবাসীৰ বাবে ব’ৰ ৱেল, কালভাৰ্ট আৰু বাছ ষ্টেণ্ড স্থাপন চিআৰপিএফৰ