অসম

assam

CPIM protest:ৰঙিয়াত চি পি আই এম ৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 5:13 PM IST

ৰঙিয়াত চি পি আই এম ৰ প্ৰতিবাদ

ৰঙিয়া, 5 ছেপ্টেম্বৰ :ৰঙিয়াত চিপিআইএমৰ উত্তাল প্ৰতিবাদ । ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত চিপিআইএমৰ শতাধিক কৰ্মীৰ অৱস্থান ধৰ্মঘট । মূল্যবৃদ্ধিৰ বিৰুদ্ধে আৰু কৰ্মসংস্থাপনৰ দাবীত চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰিলে প্ৰতিবাদকাৰীসকলে ।

ইফালে প্ৰতিবাদকাৰীসকলে খাদ্য, ঔষধ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰা, চাউল, দাইল, আটা, মিঠাতেল, চেনি আদি প্রয়োজনীয় সামগ্রী কম দৰত যোগান ধৰা, ৰন্ধন গেছ, পেট্ৰ’ল, ডিজেলৰ দাম হ্ৰাস কৰা, বিদ্যুৎ মাচুল হ্ৰাস কৰা, স্মার্ট মিটাৰৰ নামত সাধাৰণ জনতাক হাৰাশাস্তি বন্ধ কৰাৰ দাবী জনায় । লগতে নতুন কর্মসংস্থান সৃষ্টি কৰা, সকলো খালী পদ পূৰণ কৰা, ঠিকাভিত্তিক আৰু কেজুৱেল কৰ্মচাৰীৰ পদসমূহ স্থায়ী কৰা, আঁচনিৰ্ভূক্ত কৰ্মচাৰীক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া, নতুন পেন্সন আঁচনি বাতিল কৰি পুৰণা পেন্সন আঁচনি পুনৰ প্ৰৱৰ্তন কৰাৰ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক :অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত বৰপেটাত চিপিআই এমৰ বিক্ষোভ কাৰ্যসূচী

ABOUT THE AUTHOR

...view details