Cow theft in Raha: গৰুচোৰে টোপনি হৰিছে ৰহাবাসীৰ - গৰুচোৰে টোপনি হৰিছে ৰহাবাসীৰ
ৰহা,১৮ মাৰ্চ: ৰহাত নিতৌ বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ । যোৱা ১২ মাৰ্চৰ পৰা শুকুৰবাৰৰ নিশালৈকে ধাৰাবাহিকভাৱে ৰহাৰ পশ্চিম শালমৰা আৰু পূৱ শালমৰাৰ পৰা স্থানীয় কেইবাটাও ঘৰৰ গোহালি পৰা চোৰে লৈ যায় মুঠ ১২ টাকৈ গৰু(Cow theft in Raha) । স্থানীয় প্ৰভাত বৰদলৈৰ ঘৰৰ পৰা ৪ টা, সীমান্ত বৰদলৈৰ ঘৰৰ পৰা ২ টা, মৃণাল মিশ্ৰৰ ঘৰৰ পৰা ২ টা, বিল্লো বৰদলৈৰ ঘৰৰ পৰা ২ টা আৰু ৰঞ্জিত বৰদলৈৰ ঘৰৰ পৰা ২ টা গৰু লৈ যায় চোৰে(Cow theft continues in Raha) ।
প্ৰতিদিনে চোৰে অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে যদিও প্ৰশাসনে এই ঘটনাত গুৰুত্ব আৰোপ কৰি অঞ্চলটোত যিদৰে নিৰাপত্তা ব্যৱস্থা কৰিব লাগিছিল সেইয়া আজিলৈকে নকৰিলে বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰিছে । আনহাতে অঞ্চলটোত গাঁওৰক্ষী বাহিনী আছে যদিও এই ক্ষেত্ৰত গাঁওৰক্ষী বাহিনীৰ ভূমিকা ৰহস্যজনক ।
চোৰৰ উপদ্ৰৱৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোৰ ৰাইজে এই ক্ষেত্ৰত আৰক্ষীক কঠোৰ স্থিতি গ্ৰহণৰ বাবে অনুৰোধ জনোৱাৰ লগতে গাওঁৰক্ষী বাহিনীকো পহৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে । ইফালে এতিয়া চোৰৰ ভয়ত উজাগৰী নিশা পাৰ কৰিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে ।