অসম

assam

Congress protest : আদানী গ্ৰুপৰ বিত্তীয় কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Mar 9, 2023, 5:13 PM IST

আদানী গ্ৰুপৰ বিত্তীয় কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

মৰাণ, 9 মাৰ্চ: আদানীৰ বিত্তীয় কেলেংকাৰীক লৈ দেশৰ ৰাজনৈতিক মহলত অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া (Adani stock manipulation)৷ আদানীৰ বিত্তীয় কেলেংকাৰীৰ (Adani stock manipulation) প্ৰসংগক লৈ বৃহস্পতিবাৰে টিংখাঙৰ ৰাজগড়ত প্ৰতিবাদ সাব্যস্ত কৰে অসম প্ৰদেশ কংগ্ৰেছৰ কৰ্মীসকলে ৷ সাধাৰণ গ্ৰাহকৰ LIC আৰু SBI ৰ ধনৰ নিৰাপত্তাৰ দাবীত টিংখাং ব্লক কংগ্ৰেছ কমিটিয়ে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে (Congress protest in Dibrugarh )। 

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সাধৰণ সম্পাদক বিপুল গগৈয়ে কয় যে, ভাৰতৰ গভীৰ অৰ্থনৈতিক সংকট, ভয়াৱহ নিবনুৱা সমস্যাৰ লগতে জ্বলন্ত সমস্যাসমূহলৈ পিঠি দি সামগ্ৰিক উন্নয়নৰ পৰিৱৰ্তে বিজেপি চৰকাৰে ধৰ্মীয় মেৰুকৰণেৰে সমাজখনক ভাগ ভাগ কৰিবলৈ প্ৰয়াস কৰিছে ৷ প্ৰতিবাদকাৰীসকলে গৌতম আদানী গ্ৰুপৰ বিত্তীয় কেলেংকাৰীৰ উচ্চ পৰ্যায়ত তদন্ত কৰিবলৈ দাবী উত্থাপন কৰে ৷ ধৰ্মঘট কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা এটোৱা মুণ্ডাৰ লগতে মণ্ডল আৰু পঞ্চায়ত পৰ্যায়ৰ ভালেসংখ্যক নেতা-কৰ্মীয়েও অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক:Tezpur Mahavoirab Temple Visit : মহাভৈৰৱ মন্দিৰত মুখ্যমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

ABOUT THE AUTHOR

...view details