অসম

assam

চৰকাৰে অসমতো মণিপুৰসদৃশ পৰিস্থিতি উদ্ভৱ কৰিব বিচাৰিছে- কংগ্ৰেছ

By

Published : Aug 1, 2023, 5:24 PM IST

ETV Bharat / videos

Congress protest: চৰকাৰে অসমতো মণিপুৰসদৃশ পৰিস্থিতি উদ্ভৱ কৰিব বিচাৰিছে- কংগ্ৰেছ

মৰিগাঁও, 1 আগষ্ট : "বজাৰত লাগিছে জুই, চৰকাৰ আছে শুই"-  এই মন্তব্য লাহৰীঘাট বিধান সভা সমষ্টিৰ কংগ্ৰেছী বিধায়ক ডাঃ আচিফ মহম্মদ নাজাৰৰ ৷ মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আহ্বান ক্ৰমে মৰিগাঁৱতো জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত মূল্যবৃদ্ধিৰ আৰু সকলো অত্যাৱশকীয় সামগ্ৰীৰ ওপৰত জিএছটি আৰোপ কৰাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ 

লাহৰীঘাট সমষ্টিৰ বিধায়কগৰাকীয়ে লগতে কয় যে, বিদ্যুৎ বিল মাত্ৰাধিক হোৱাৰ সময়ত বিধানসভা অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে গছৰ তলত থাকিবলৈ কোৱা, মূল্যবৃদ্ধি ৰোধ কৰিবলৈ জনতাক কমকৈ খাবলৈ উপদেশ দি দুখীয়া ৰাইজক ইতিকিং কৰিছে বিজেপি চৰকাৰে ৷ সেয়েহে যেতিয়া লৈকে মূল্যবৃদ্ধি হ্ৰাস নহয় তেতিয়ালৈকে কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব ৷

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই কয় যে, এয়া চৰকাৰৰ ব্যৰ্থতা ৷ বজৰং দলেই হওক বাবে কোনো উগ্ৰবাদী সংগঠনেই হওক, অসমত অশান্তি সৃষ্টি কৰিব বিচাৰিলে সেয়া দলৰ বিৰুদ্ধে ব্যৱস্থা লওক ৷ 

লগতে পঢ়ক:3 schemes added in transport sector: মহানগৰীৰ ৰাজপথত পৰিবহণ বিভাগৰ অভিযান

ABOUT THE AUTHOR

...view details