অসম

assam

হাৱালাৰ ধন আত্মসাৎ

ETV Bharat / videos

হাৱালাৰ ধন আত্মসাৎ কৰি এতিয়া আৰক্ষী-সাংবাদিকৰ আগত ঢাকিছে নাক!

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 7:39 PM IST

গুৱাহাটী, 30 নৱেম্বৰ : হাৱালাৰ ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ হোৱা আৰক্ষী-সাংবাদিক প্ৰসংগত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰাই । এই প্ৰসংগত দিগন্ত বৰাই কয় যে, ভৰলু থানাৰ এছ আই মোবাৰক আলী, তফিকউদ্দিন আহমেদ নামৰ এজন সাংবাদিকৰ লগতে আন এজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ৷ বৰ্তমানলৈকে তিনিওৰে পৰা ২৫ লাখ টকা জব্দ কৰা হৈছে ।

চলিত নৱেম্বৰ মাহত আৰক্ষীয়ে অভিযান চলাইছিল হাৱালাৰ বিৰুদ্ধে ৷ আঠগাঁৱৰ ভাৰাঘৰৰ পৰা জব্দ হৈছিল কোটি টকা ৷ ১ কোটি ৬৯ লাখ ৭০ হাজাৰ টকা আৰক্ষীয়ে জব্দ কৰিছিল হাৱালা চক্ৰটোৰ পৰা ৷ ৰাজস্থানৰ দুজন লোকৰ পৰা জব্দ কৰা হৈছিল ধনখিনি ৷ দুয়োজন আছিল হাৱালা চক্ৰৰ সদস্য ৷

কিন্তু সদ্য গ্ৰেপ্তাৰ হোৱা আৰক্ষী আৰু সাংবাদিকে একেলগে হৈ চক্ৰটোৰ পৰা আৰক্ষীয়ে জব্দ কৰাৰ পূৰ্বে আত্মসাৎ কৰিছিল সেই বৃহৎ অংকৰ ধনখিনি । এই ঘটনাৰ তদন্ত চলি থকাৰ সময়তে তদন্তকাৰী আৰক্ষীৰ সন্দেহ উপজাত চক্ৰটোৰ সদস্য দুজনক জেৰা চলায় । পিচত সদস্য দুজনৰ ভাষ্যৰ ভিত্তিত আৰক্ষী আৰু সাংবাদিকৰ সৈতে বৰ্তমানলৈ তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে ।

লগতে পঢ়ক :হাৱালাৰ ধন আত্মসাৎ: এইবাৰ জালত পৰিল আৰক্ষী-সাংবাদিক

                    আৰক্ষী-আয়কৰ বিভাগৰ লোক দেখি গৰাকীয়ে পাহৰিলে টকাৰ উৎস !

ABOUT THE AUTHOR

...view details