Junmoni Rabha case : বঙালমৰা আৰক্ষী চকীত উপস্থিত CID ৰ তিনিজনীয়া তদন্তকাৰী দল - বঙালমৰা আৰক্ষী চকীত উপস্থিত CID
বিহপুৰীয়া, 18 মে’ : যিমানে সময় বাগৰিছে, সিমানেই SI জোনমণি ৰাভাৰ মৃত্যু গভীৰ ৰহস্যৰ মাজত সোমাই গৈছে (SI Junmoni Rabha death case) ৷ এই সন্দৰ্ভত কেতিয়াবা যদি কোনো প্ৰত্যক্ষদৰ্শীয়ে বৰ্ণনা কৰিছে ঘটনাৰ বিৱৰণ ৷ আন কোনো মূহুৰ্তত কোনোবা অচিন ফোন কলৰ ৰেকৰ্ডিং পোহৰলৈ আহিছে ৷
ইয়াৰ মাজতে বৃহস্পতিবাৰে দিনৰ ভাগত লখিমপুৰ জিলাৰ বঙালমৰা আৰক্ষী চকীত উপস্থিত হয় CID ৰ তিনিজনীয়া এটা তদন্তকাৰী দল (CID team at Bongalmora Police Station)৷ জানিব পৰা মতে, CID ৰ দলটোৱে আৰক্ষী চকীত উপস্থিত হৈ বিষয়া-কৰ্মচাৰীসকলক পৃথকে পৃথকে সোধ-পোছা কৰাৰ লগতে তন্ন-তন্নকৈ পৰীক্ষা কৰে নথি-পত্ৰসমূহ ৷ প্ৰায় দুঘন্টা সোধ-পোছাৰ অন্তত থানাৰ পৰা ওলাই যায় CID ৰ দলটো ।
অৱশ্যে আৰক্ষী চকীৰ পৰা ওলাই যোৱাৰ সময়ত সংবাদ মাধ্যমৰ আগত বিশেষ মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে CID ৰ তদন্তকাৰী বিষয়াই ।
লগতে পঢ়ক :SI Junmoni Rabha death case : CID ৰ তদন্তৰ প্ৰতিবেদন অনুসৰি লোৱা হ’ব ব্যৱস্থা: জি পি সিং