অসম

assam

শিশু নাট

ETV Bharat / videos

Remembering Natasurya Phani Sarma:‘শৈশৱৰ সুবাস বিচাৰি’ শিশু নাটেৰে জীপাল হ’ল এটি সন্ধ্যা - আই ডা ক্ৰিয়েটিভ ভিজন

By

Published : Aug 1, 2023, 8:01 PM IST

কলিয়াবৰ, 1 আগষ্ট : কলিয়াবৰত নটসূৰ্য্যক স্মৰণ ৷ আই. ডা ক্ৰিয়েটিভ ভিজনৰ প্ৰথম নিবেদন – ‘শৈশৱৰ সুবাস বিচাৰি’ ৷ নটসূৰ্য্য ফণী শৰ্মাৰ স্মৃতি দিৱসৰ নিশা হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ ভৱনৰ মঞ্চ শিশুৰ অভিনয়ৰে মুখৰিত হৈ পৰিল ৷ অতীত, বৰ্তমান আৰু ভৱিষ্যতক সামৰি লৈ উক্ত নাটকখনৰ বিষয়বস্তু । অতীতৰ সোণোৱালী শৈশৱে ভূমুকি মাৰিলেহি মঞ্চত । এদল শিশুৱে সকলোকে লৈ গ’ল অতীতলৈ ।

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, নতুন দিল্লীৰ অধীনস্থ উত্তৰ পূৰ্বাঞ্চলৰ নাট্য শিক্ষা কেন্দ্ৰ ত্ৰিপুৰাৰ থিয়েটাৰ ইন এডুকেছনত নাট্য শিক্ষা লাভ কৰি কলিয়াবৰত শিশু নাটৰ প্ৰশিক্ষণত মনোনিৱেশ কৰিছে দম্পত্তি প্ৰাঞ্জল মহন্ত আৰু চিমি বৰা মহন্তই । কলিয়াবৰৰ শিশু নাট প্ৰশিক্ষণ কেন্দ্ৰ আই. ডা ক্ৰিয়েটিভ ভিজনৰ ছমহীয়া প্ৰশিক্ষণৰ অন্তত দেওবাৰে হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ ভৱনত প্ৰথম প্ৰযোজনাত প্ৰাঞ্জল মহন্তৰ ৰচনা আৰু পৰিচালনাত মঞ্চস্থ হয় ‘শৈশৱৰ সুবাস বিচাৰি’ ৷

ছমহীয়া প্ৰশিক্ষণৰ অন্তত নাটখনিত অভিনয় কৰে ক্ৰমে –কল্প, নিবিড়, ৰাহুল, অৰিন্দম, অনুৰাগ, জিৎ, পিয়ুষ, নয়না, ঋতিষাকে ধৰি কেইবাগৰাকী শিশুৱে ৷ নাটখনিৰ সংগীত আৰু সহ পৰিচালনা আছিল চিমি বৰা মহন্তৰ । কলিয়াবৰৰ বিশিষ্ট নাট্যকাৰ ভূপেন্দ্ৰনাথ হাজৰিকাই উদ্বোধন কৰা নাটখনি উপভোগ কৰিবলৈ কলিয়াবৰৰ নাট্যপ্ৰমী দৰ্শক উপস্থিত হৈছিল ।

লগতে পঢ়ক :Drama Workshop in Namrup: নামৰূপত নটসূৰ্যৰ মৃত্য়ু দিৱসত নাট কৰ্মশালা

ABOUT THE AUTHOR

...view details