অসম

assam

সোণাৰিৰ ৰাজপথত জ্বলিল মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীৰ প্ৰতিমূৰ্তি

ETV Bharat / videos

Protest against Price Hike: সোণাৰিৰ ৰাজপথত জ্বলিল মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীৰ প্ৰতিমূৰ্তি - প্ৰতিমূৰ্তি দাহ

By

Published : Aug 21, 2023, 8:56 PM IST

মৰাণ, 21 আগষ্ট :ৰাজ্যজুৰি মূল্যবৃদ্ধিৰ কেঁকোৰা চেঁপাত জুৰুলা হৈছে ৰাজ্যবাসী ৷ প্ৰতিদিনে নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ মূল্য হ্ৰাস হোৱাৰ পৰিৱৰ্তে বৃদ্ধি হোৱাৰ ইন্ধনৰ পৰা আৰম্ভ কৰি সকলোৰে মূল্য বৃদ্ধিহে হৈ গৈ আছে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যত মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে পুনৰ নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ মূল্যবৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে চৰকাৰে।

ইয়াৰ পাচতে ৰাজ্যত তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে। সোমবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সোণাৰিত টাই আহোম যুৱ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু যোগান মন্ত্ৰী ৰণজিৎ দাসৰ প্ৰতিমূৰ্তি দাহ কৰিলে টাইপাই। মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰক কঠোৰ সকিয়নী দিয়ে টাই আহোম যুৱ পৰিষদৰ সদস্যসকলে । অচিৰেই মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ব্যৱস্থা নকৰিলে সমাগত নিবাৰ্চনত উচিত শিক্ষা দিয়া হ'ব বুলি কয় প্ৰতিবাদকাৰীসকলে হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক:Guwahati roadside vendors: পদপদ ব্যৱসায়ীসকলক শীঘ্ৰেই ব্যৱসায়ৰ অনুমতি দিবলৈ পৌৰ নিগমক দাবী কটনিয়ানৰ

ABOUT THE AUTHOR

...view details