ৰাইজৰ সমস্যাৰ বুজ ল’বলৈ হোজাইত উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী - চন্দ্ৰ মোহন পাটোৱাৰী
Published : Jan 9, 2024, 3:41 PM IST
হোজাই, 8 জানুৱাৰী :মঙলবাৰে হোজাই জিলাত উপস্থিত হয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী । নৱগঠিত বঢ়মপুৰ সমষ্টিৰ সাংগঠনিক কাম-কাজ আৰু ৰাইজৰ সমস্যাৰ বুজ লোৱাৰ উদ্দেশ্যে হোজাইত উপস্থিত হয় মন্ত্ৰীগৰাকী । তাৰ পাচত মন্ত্ৰীগৰাকীয়ে ডবকাৰ আকাশীগংগা, সুতাৰগাঁও, ভেলৌগুৰি পঞ্চায়তত অনুষ্ঠিত চাৰিখনকৈ সভাত ভাগ লয় ৷ এই সভাত ভাগ লোৱাৰ পূৰ্বে আকাশী গংগাৰ শিৱ মন্দিৰত সেৱা লয় মন্ত্ৰীগৰাকীয়ে ৷
এই সভাতে স্থানীয় ৰাইজে আকাশীগংগা গাঁও পঞ্চায়তত কিছুদিনৰ পৰা হৈ থকা খোৱাপানীৰ অভাৱৰ সম্পৰ্কে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ আগত অৱগত কৰে ৷ ৰাইজৰ অভিযোগ শুনি লগে লগে মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰি অতি সোনকালে গাঁওকেইখনত পানী যোগান দিবলৈ নিৰ্দেশ দিয়ে ৷
দৰাচলতে ডবকা-ডিফু সংযোগী চাৰিলেনযুক্ত পথ নিৰ্মাতা কোম্পানীৰ গাড়ীয়ে পানী যোগান আঁচনিৰ পাইপ ভাঙি পেলাইছিল । যাৰ বাবে আকাশীগংগা পঞ্চায়তৰ তপজুৰি, দিখাৰুমুখ, টঙীয়া, গংগাদিশা আদি গাঁৱত যোৱা প্ৰায় বিশ দিন ধৰি জনস্বাস্থ্য কাৰিকৰি বিভাগে পানী যোগান দিব পৰা নাছিল ৷ ফলত অসুবিধাৰ সন্মুখিন হৈছিল গাঁৱৰ ৰাইজ ৷
লগতে পঢ়ক :ধেমাজিত শিক্ষিত যুৱকৰ কৃষি বিপ্লৱ