অসম

assam

১৫৪ সংখ্যক গান্ধী জয়ন্তী উদযাপন

ETV Bharat / videos

Gandhi Jayanti 2023 : কলিয়াবৰৰ ভিন্ন প্ৰান্তত উদযাপন ১৫৪ সংখ্যক গান্ধী জয়ন্তী

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 1:17 PM IST

কলিয়াবৰ, 2 অক্টোবৰ :আজি মহামানৱ মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জন্ম জয়ন্তী ৷ দেশজুৰি সশ্ৰদ্ধাৰে স্মৰণ কৰা হৈছে জাতিৰ পিতা মহাত্মা গান্ধীক ৷ কলিয়বৰতো মহকুমা প্ৰশাসন, গাঁও পঞ্চায়তৰ আদিৰ দ্বাৰা আয়োজন কৰা হৈছে ভিন্ন অনুষ্ঠানৰ ৷

কলিয়াবৰৰ শিলঘাটত মহাত্মা গান্ধীয়ে পদাৰ্পণ কৰি পবিত্ৰ কৰা ভূমিত স্থাপন কৰা গান্ধী অস্থি ধামত কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ‍্যোগত পালন কৰা হয় গান্ধী জয়ন্তী । গান্ধী জয়ন্তী উপলক্ষে গান্ধীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্জ্বলন কৰে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতিগৰাকীয়ে । তাৰ পাচত  বিশ্ব শান্তিৰ অৰ্থে এক শান্তি সমদল যাত্ৰা বাহিৰ কৰা হয় ৷

কলিয়াবৰৰ হাতীগাঁও পঞ্চায়তত গান্ধী জয়ন্তী উপলক্ষে অনুষ্ঠিত হোৱা বিশেষ গাঁও সভাত বিশ্ব শান্তি-সম্প্ৰীতি ৰক্ষাৰ বাবে সংকল্প গ্ৰহণ কৰা হয় । কলিয়াবৰ জিলা মইনা পাৰিজাতেও নৱসূৰুয মইনা পাৰিজাতৰ ব‍্যৱস্থাপনাত গান্ধী জয়ন্তী পালন কৰে ।

এই উপলক্ষে বাহিৰ কৰা এক শোভাযাত্ৰাত মইনাসকলে অংশগ্ৰহণ কৰে । তদুপৰি, মইনাসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় ৷

লগতে পঢ়ক :Gandhi Ghar at Sarania Hill: গুৱাহাটীৰ ‘গান্ধী ঘৰ’ত আজিও আছে মহাত্মা গান্ধীৰ মাদকতা

ABOUT THE AUTHOR

...view details