অসম

assam

কলিয়াবৰত চোৰাং গৰুভৰ্তি বাহন জব্দ

ETV Bharat / videos

Cattle Smuggling Case:কলিয়াবৰত চোৰাং গৰুভৰ্তি বাহন জব্দ - Kaliabor

By

Published : Jul 8, 2023, 5:54 PM IST

কলিয়াবৰ,8 জুলাই: ৰাজ্যত অব্যাহত আছে অবৈধ গৰু সৰবৰাহ ৷ চোৰাং গৰু সৰবৰাহকাৰীয়ে আৰক্ষীৰ চকুৰ ধূলি মাৰি কলিয়াবৰত অব্যাহত ৰাখিছে অবৈধ গৰু সৰবৰাহ ৷ শনিবাৰে কলিয়াবৰ আৰক্ষী থানাৰ অন্তৰ্গত শিলঘাট কুঁৱৰীটোল গড়কাপ্তানি পথৰ চামধৰা গাঁৱত যান্ত্ৰিক বিজুতিৰ বাবে ৰখাই থোৱা অৱস্থাত এখন গৰু ভৰ্তি বাহন প্ৰত্যক্ষ কৰে স্থানীয়লোকে। স্থানীয়লোকে আৰক্ষীক খবৰ দিয়াৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ৷ আৰক্ষীয়ে ৰখাই থোৱা এ এছ ০১ এফ চি ২৬৫২ নম্বৰৰ বাহনখনৰ পৰা উদ্ধাৰ কৰে পোৱালীসহ পাঁচটাকৈ গৰু ।

গৰুকেইটা সোণাৰী গাঁৱৰপৰা চামগুৰিৰ শিৱস্থানলৈ নিয়া হৈছিলে বুলি গো-সৰবৰাহকাৰীয়ে জানিবলৈ দিছে । আনহাতে অবৈধ গো-সৰবৰাহকাৰী কেইজন শিৱস্থানৰ দিলদাৰ হুছেইন, ৰচিদুল আৰু চাইদুল বুলি জানিব পৰা গৈছে ৷ তিনি অবৈধ গো-সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিছে ৷ এফালে অবধৈ গো-সৰবৰাহৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ,কিন্তু চৰকাৰী আইন ধোঁৱা চাঙত উঠিছ ৷  

লগতে পঢ়ক:Illegal Timber Seized at Kaliabor: কলিয়াবৰত দুৰ্ঘটনাত পতিত চোৰাং কাঠ ভৰ্তি বাহন

ABOUT THE AUTHOR

...view details