কন্দনামুৱা হৈ সাংবাদিকৰ আগত ক’লে পেটৰ সন্তানতকৈয়ো মৰমৰ আছিল সেই গৰু - গৰুচুৰি চক্ৰ
Published : Nov 24, 2023, 11:51 AM IST
হোজাই, 24 নৱেম্বৰ : গৰু চোৰৰ উপদ্ৰৱ বাঢ়িছে ৷ অকল্পনীয়ভাৱে ৰাজ্যৰ বিভিন্ন ঠাইত গৰু চোৰ হ’বলৈ ধৰিছে ৷ আৰক্ষীৰ তদন্তলৈ বাট চাই চাই ভাগৰি পৰিছে সাধাৰণ ৰাইজো ৷ দুই এঠাইত আনকি গৰু চোৰ চক্ৰৰ সৈতে আৰক্ষীৰ বুজাপৰা আছে বুলিও স্থানীয় ৰাইজে দাবী তুলিছে ৷ শেহতীয়াকৈ খবৰ আহিছে হোজাইৰ পৰা ৷
হোজাই জিলাৰ ডবকাৰ হালধীআটীত নিদ্ৰাহৰণ কৰিছে গৰু চোৰে । নিশা সুযোগ বুজি গৃহস্থৰ গৰু গোহালিত সোমাই চোৰে চলালে চাফাই অভিযান । উদং কৰিলে গৰু গোহালি ৷
খালি হৈ থকা গোহালি দেখি হতভম্ব হৈ পৰে গৰুৰ গৰাকী ৷ কান্দি কান্দি হায়ৰাণ হৈ পৰিছে এগৰাকী ভুক্তভোগী মহিলা ৷ দুখত ম্ৰিয়মাণ হৈ আৰক্ষীক উচিত তদন্তৰ দাবী জনাইছে মহিলাগৰাকীয়ে । ভুক্তভোগীৰ এজাহাৰৰ পিচতে গৃহস্থৰ ঘৰলৈ আহে ডবকাৰ আৰক্ষী । প্ৰায় লক্ষাধিক টকাৰ গৰু চোৰে লৈ যোৱাত হাহাকাৰ লাগিছে এতিয়া পৰিয়ালটোত ৷ হালধীআটীৰ ফজল হক আৰু জামাল উদ্দিনৰ ঘৰত চোৰে চলাই এই চাফাই অভিযান ।
লগতে পঢ়ক :বিলাসী বাহনত উঠাই চোৰাংকৈ আনিছিল গৰু, আৰক্ষীৰ চকুত পৰিল কাজিৰঙাত
Cattle smuggling:গৰুচুৰি চক্ৰৰে আৰক্ষীৰ যোগসূত্ৰৰ সন্দেহ ৰাইজৰ