অসম

assam

বাৰ্মিজ চুপাৰি জব্দ

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 9:54 AM IST

ETV Bharat / videos

Burmese supari seized: খটখটিত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ

ডিফু, ১৫ নৱেম্বৰ :নিতৌ ন ন কৌশল অৱলম্বন কৰি কাৰ্বি আংলং জিলাৰ মাজেৰে অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ অবৈধ বেহা। আৰক্ষীৰ তৎপৰতাত বহু সৰবৰাহকাৰী লগতে অবৈধভাৱে সৰবৰাহ কৰা চুপাৰি জব্দও হৈ আহিছে । বুধবাৰে বোকাজানৰ সীমান্তৰ খটখটী থানাৰ আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধভাৱে সৰবৰাহ কৰা বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে চিমেন্ট কঢ়িওৱা এখন খালী ট্ৰাকত গোপন চেম্বাৰ বনাই বাৰ্মিজ চুপাৰি সৰবৰাহৰ চেষ্টা চলোৱা এখন ট্ৰাক জব্দ কৰাৰ লগতে চালকক আটক কৰিবলৈ সক্ষম হয় ।

এএছ ০১ এমচি ৯৩৩১ নম্বৰৰ ট্ৰাকখনত গোপন চেম্বাৰ বনাই ১৫০০ কেজি চুপাৰি সৰবৰাহৰ চেষ্টা চলোৱা ট্ৰাকখন জব্দ কৰাৰ লগতে ট্ৰাকখনৰ চালকক আটক কৰিবলৈ সক্ষম হয় ৷ চালকজন বৰপেটা জিলাৰ ৰফিকুল বুলি জানিব পৰা গৈছে ৷ মণিপুৰৰ ইম্ফলৰ পৰা বৰপেটা জিলাৰ হাউলি অভিমুখে গৈ থকা অৱস্থাত খটখটী আৰক্ষীয়ে এই চুপাৰি জব্দ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :Illegal Burmese Supari seized : বোকাজানৰ খটখটিত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি

ABOUT THE AUTHOR

...view details