অসম

assam

চপৰা চপৰে খহিছে গৰা

ETV Bharat / videos

Embankment at Kumatia : চপৰা চপৰে খহিছে ধেমাজিৰ নৱনিৰ্মিত এটা মথাউৰি

By

Published : Jun 15, 2023, 1:13 PM IST

Updated : Jun 15, 2023, 2:03 PM IST

ধেমাজি, 15 জুন : মাত্ৰ এজাক বৰষুণ ৷ এজাক বৰষুণতে চপৰা-চপৰে খহিছে নৱনিৰ্মিত এটা মথাউৰি ৷ আনকি মথাউৰিটোত সৃষ্টি হৈছে বৃহৎ বৃহৎ ৰেইন কাটৰ ৷ এই লৈ চিন্তিত হৈ পৰিছে এতিয়া স্থানীয় ৰাইজ ৷ আমি কৈ থকা এই মথাউৰিটো আছে ধেমাজি কুমটীয়া বাওঁপাৰৰ গোৰথালী চাপৰি ৷

এজাক বৰষুণতে চপৰা চপৰে খহিছে 2 নং গোহাঁই গাঁৱত সদ্য নিৰ্মাণ হোৱা ধেমাজি জীয়াঢল নদীৰ কুমটীয়া বাওঁপাৰৰ মথাউৰিটো । বাৰিষা সময়ত সংশ্লিষ্ট বিভাগটোৰ ঠিকাদাৰে কাম কৰাৰ বাবেই এই গতি হৈছে মথাউৰাটো ৷ মথাউৰিৰ কাষৰ বহু অংশত কাৰ্পেটিং নকৰাৰ বাবেই হুৰাহুৰে বৰষুণৰ পানীয়ে খহাই নিছে মথাউৰিৰ বালি মাটি ৷

ফলত আগন্তুক ভৰ বাৰিষাৰ দিনকেইটাক লৈ চিন্তিত হৈ পৰিছে দুই নং গোহাইগাঁও, আদৰ্শ গাঁও, পেহীয়তী আদি নৈ পৰীয়া ৰাইজ ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷

লগতে পঢ়ক :Flood in Lakhimpur : যিকোনো মূহুৰ্ততে ছিগিব পাৰে লখিমপুৰৰ ৰঙানদীৰ ৩৬২ কোটি টকীয়া মথাউৰি

Last Updated : Jun 15, 2023, 2:03 PM IST

ABOUT THE AUTHOR

...view details